অসম

assam

ETV Bharat / bharat

ৰাজস্থানত 16 এপ্ৰিলৰ পৰা সান্ধ্য আইন জাৰি

ৰাজস্থানত 16 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈ নিশা 6 পৰা পুৱা 6 বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে ৷ সান্ধ্য আইনৰ সময়ত ৰাজ্যখনৰ সকলো বজাৰ, কৰ্মস্থান আৰু ব্য়ৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব । বিদ্যালয়সমূহক দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিয়া হ’ব ।

Raj imposes 6 pm to 6 am curfew in all cities from April 16-30
ৰাজস্থানত 16 এপ্ৰিলৰ পৰা সান্ধ্য আইন জাৰি

By

Published : Apr 15, 2021, 12:35 PM IST

নিউজ ডেস্ক, 15 এপ্ৰিল:ৰাজস্থানত ক’ভিডত আক্ৰান্তৰ সংখ্য়া উদ্বেগজনকভাৱে বৃদ্ধি হোৱালৈ লক্ষ্য কৰি ৰাজস্থান চৰকাৰে 16 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈ নিশা 6 পৰা পুৱা 6 বজালৈ সান্ধ্য আইন জাৰি কৰিছে ৷ সান্ধ্য আইনৰ সময়ত ৰাজ্যখনৰ সকলো বজাৰ, কৰ্মস্থান আৰু ব্য়ৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব । বজাৰ আৰু ব্য়ৱসায়িক প্ৰতিষ্ঠানসমূহ সন্ধিয়া 5 বজাত বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । আনহাতে চৰকাৰী কাৰ্যালয় বিয়লি 4 বজালৈ খোলা থাকিব ৷ অৱশ্যে, কাৰখানা, তথ্য প্ৰযুক্তি কোম্পানী আৰু ফাৰ্মাচীসমূহ এই সময়ছোৱাত খোলা থাকিব ।

সান্ধ্য আইন জাৰি থকা সময়ত প্ৰশিক্ষণ কেন্দ্ৰ আৰু পুথিভঁৰালো বন্ধ ৰাখিবলৈ নিৰ্দেশনা দিয়া হৈছে ৷ বিদ্যালয়সমূহক দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিয়া হ’ব । বিবাহ অনুষ্ঠানত মাত্ৰ 50 জন লোক আৰু অন্ত্যেষ্টিক্ৰিয়াত 20 জন লোক হে উপস্থিত থাকিব পাৰিব ৷ চিনেমা হল, মাল্টিপ্লেক্স, চুইমিং পুল আদি এই সময়ছোৱাত বন্ধ থাকিব । অৱশ্যে, ৰেষ্টুৰেণ্ট আৰু ক্লাৱসমূহত 50 শতাংশ উপস্থিতিৰে খোলা ৰাখিবলৈ অনুমতি দিয়া হৈছে ।

ৰাজস্থান চৰকাৰে লগতে ক’ভিড প্ৰ’টকল ভংগ কৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ চীল কৰাৰ কথা উল্লেখ কৰে ৷ উল্লেখ্য যে, বুধবাৰে ৰাজস্থানত অভিলেখ সংখ্যক 6,200 গৰাকী লোকৰ ক’ৰণাত আক্ৰান্ত হয় আৰু মৃত্যু হয় 29 জনৰ ৷ জয়পুৰত সৰ্বাধিক ১,৩২৫ জন লোক আক্ৰান্ত হয় ক’ৰণাত ৷ ৰাজ্যখনত বৰ্তমান 44,905 টা সক্ৰিয় ঘটনা আছে ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীয়ে মানুহৰ জীৱনতকৈ নিৰ্বাচনক অগ্ৰাধিকাৰ দিছে : মহাৰাষ্ট্ৰ কংগ্ৰেছ

ABOUT THE AUTHOR

...view details