অসম

assam

By

Published : Aug 6, 2022, 2:20 PM IST

ETV Bharat / bharat

Rajasthan horror: আশ্ৰমৰ গছত চিপ লাগি থকা অৱস্থাত সাধুৰ মৃতদেহ উদ্ধাৰ

হত্যা নে আত্মহত্যা ? আশ্ৰমৰ সন্মুখৰ এডাল গছত চিপ লাগি থকা অৱস্থাত এজন সাধু উদ্ধাৰ কৰা হয় (Body of saint hanging at ashram)৷

Body of saint found hanging at ashram
সাধুৰ মৃতদেহ উদ্ধাৰ

নেশ্যনেল ডেস্ক, 6 আগষ্ট: ৰাজস্থানত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ আশ্ৰমৰ সন্মুখৰ এডাল গছত চিপ লাগি থকা অৱস্থাত এজন সাধু উদ্ধাৰ কৰা হয় (Body of saint hanging at ashram)৷

ৰাজস্থানৰ জালোৰ জিলাৰ যশৱন্তপুৰা গাঁৱৰ ওচৰত থকা এখন আশ্ৰমত সংঘটিত হয় এই ঘটনাটো ৷ শনিবাৰে পুৱাই আশ্ৰমখনৰ সন্মুখৰ এডাল গছত সাধুজনক চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ লগে লগে আশ্ৰমৰ লোকসকলে আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰে ৷

আশ্ৰমখনত স্থানীয় আৰক্ষী উপস্থিত হৈ সাধুজনৰ মৃতদেহটো নমাই মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ সাধুজনৰ আত্মহত্যাৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই ৷ ঘটনা সন্দৰ্ভত জালোৰ আৰক্ষীয়ে ( Jalore police) তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:Spurious liquor: বিষাক্ত সুৰাপান কৰি 9 জনৰ মৃত্যু, 25 জনে হেৰুৱালে দৃষ্টিশক্তি

ABOUT THE AUTHOR

...view details