নেচনেল ডেস্ক, 20 মে' :ৰাজস্থানত ব্লেক ফাংগাছত আক্ৰান্ত লোকৰ বৰ্ধিত সংখ্যালৈ লক্ষ্য ৰাখি বুধবাৰে ৰাজস্থান চৰকাৰে ৰাজ্যখনত এই ৰোগবিধক মহামাৰী হিচাপে ঘোষণা কৰে ৷ 'ৰাজস্থান মহামাৰী ৰোগ আইন, 2020' (The Rajasthan Epidemic Diseases Act, 2020) ৰ অধীনত চৰকাৰে ৰোগবিধক মহানাৰী হিচাপে ঘোষণা কৰে ৷
জানিব পৰা মতে, এই পৰ্যন্ত ৰাজধানী চহৰ দিল্লীত ক'ভিড-19 চিকিৎসাত প্ৰদান কৰা ষ্টেৰইডৰ ফলত হোৱা ভেঁকুৰৰ সংক্ৰমণৰ 130 ৰো অধিক ঘটনা ঘটিছে ৷ এতিয়ালৈকে কৰ্ণাটক, উত্তৰাখণ্ড, তেলেংগানা, মধ্য প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, হাৰিয়ানা আৰু বিহাৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত ব্লেক ফাংগাছত আক্ৰন্ত হোৱাৰ ঘটনা সংঘটিত হৈছে ৷