অসম

assam

ETV Bharat / bharat

ভাৰতীয় সংবাদ মাধ্যম মোদীৰ দ্বাৰা পৰিচালিত হয়; প্ৰধানমন্ত্ৰীক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

মঙলবাৰে ৰাজস্থানৰ উদয়পুৰৰ বল্লভনগৰত এক ৰাজহুৱা সভাত ভাষণ দি ৰাহুল গান্ধীয়ে কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয় । তেওঁ কয় যে ভাৰতীয় সংবাদ মাধ্যম প্ৰধানমন্ত্ৰী মোদীৰ দ্বাৰা পৰিচালিত হয় । সেয়েহে কেৱল শ্বাহৰুখ খান, ঐশ্বৰ্য ৰায় আৰু ক্ৰিকেটহে টিভিত দেখা যায়, কিন্তু শ্ৰমিকসকলক দেখা নাযায় ।

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 3:55 PM IST

প্ৰধানমন্ত্ৰীক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ
ভাৰতীয় সংবাদ মাধ্যম মোদীৰ দ্বাৰা পৰিচালিত হয়

নিউজ ডেস্ক, ২১ নৱেম্বৰ :ৰাজস্থান বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ কাৰ্য বৰ্তমান শীৰ্ষত উপনীত হৈছে । তাৰ মাজতে মঙলবাৰে কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে ৰাজ্যখনৰ মেৱাড় ভ্ৰমণ কৰে । তাত তেওঁ উদয়পুৰৰ আটাইতকৈ উল্লেখনীয় আসন বল্লভনগৰত কংগ্ৰেছ প্ৰাৰ্থী প্ৰীতি শক্তাৱতৰ সমৰ্থনত এখন ৰাজহুৱা সভা সম্বোধন কৰে । এই সভাত তেওঁ প্ৰধানমন্ত্ৰী মোদী আৰু আদানিক তীব্ৰভাৱে আক্ৰমণ কৰে ।

"এই দেশ ঘৃণাৰ দেশ নহয় । ই হৈছে প্ৰেম, ভাতৃত্ববোধ আৰু সন্মানৰ দেশ । ঘৃণাৰ বজাৰত আমি প্ৰেমৰ দোকান এখন খুলিব লাগিব । নিবনুৱা আৰু মুদ্ৰাস্ফীতিৰ বাবে বিজেপিয়ে দেশত ঘৃণা বিয়পাই আছে । এই দুটা বিষয়ৰ পৰা মনোযোগ আঁতৰাবলৈ এইসকল লোকে ঘৃণাৰ সৃষ্টি কৰে । তেওঁলোকৰ লক্ষ্য হৈছে দৰিদ্ৰ, জনজাতীয় আৰু দলিতসকলক নিজৰ সম্পদৰ পৰা আঁতৰত ৰখা । এই ধন কেৱল কোটিপতিৰ হাতত থাকিব লাগে । এয়াই তেওঁলোকৰ প্ৰচেষ্টা ।" ৰাহুল গান্ধীয়ে কয় ।

ৰাহুল গান্ধীয়ে লগতে কয় যে আমি আপোনালোকক জনজাতীয় বুলি কওঁ । আনহাতে, তেওঁলোকে (বিজেপি) আপোনালোকক বনবাসী বুলি কয় । দেশৰ ভূমি, পানী, অৰণ্য জনজাতীয় লোকসকলৰ আছিল । আমাৰ চৰকাৰ যদি শাসনলৈ আহে, আমি এই তিনিটা বস্তু আপোনালোকক দিম । আপোনালোক হৈছে এই দেশৰ প্ৰথম গৰাকী । আমি আপোনালোকক সকলো অধিকাৰ দিম । আনহাতে, বনবাসীসকলৰ কোনো অধিকাৰ নাই । তেওঁলোকে আপোনালোকক পশু জ্ঞান কৰে ।

আনহাতে, মধ্যপ্ৰদেশৰ প্ৰস্ৰাৱ কেলেংকাৰীৰ ঘটনা সন্দৰ্ভত তেওঁ কয় যে বিজেপি বিধায়কে জনজাতীয় যুৱকৰ ওপৰত প্ৰস্ৰাৱ কৰে ৷ তেওঁলোকে জনজাতীয় লোকসকলক সন্মান নকৰে । বিজেপি নেতাসকলৰ সন্তানে ইংৰাজী মাধ্যমত অধ্যয়ন কৰে । আনহাতে, কেৱল আপোনালোকক হিন্দী শিকোৱাৰ ওপৰত গুৰুত্ব দিয়া হয় । কিয়নো তেওঁলোকে জানে যে সৰ্বশ্ৰেষ্ঠ চাকৰিৰ বাবে ইংৰাজীৰ প্ৰয়োজন । তেওঁলোকে জনজাতীয় লোকসকলক কেৱল অৰণ্যত বাস কৰাটো বিচাৰে । যেতিয়ালৈকে কংগ্ৰেছ দল আছে, আমি জনজাতীয় লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰিম । আমি আপোনালোকক পানী, ভূমি আৰু অৰণ্যৰ অধিকাৰ প্ৰদান কৰিম ।

ইয়াৰ উপৰি তেওঁ ৰাজ্যখনত জাতিগত পিয়ল অনুষ্ঠিত কৰাৰো আশ্বাস দিয়ে । তেওঁ কয় যে প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো শাখাৰ অংশগ্ৰহণৰ বাবে দেশত জাতিগত পিয়লৰ প্ৰয়োজন আছে । কোনটো শ্ৰেণীৰ হাতত কিমান সম্পত্তি আছে সেয়া জনাটো উচিত । জাতিগত পিয়ল হৈছে দেশৰ এক্স-ৰে । তেওঁ কয়, "যেতিয়া মই সংসদত এইকথা কৈছিলোঁ, মোদীজীৰ ভাষণ সলনি হৈছিল । তেওঁ সকলো ঠাইতে কয় যে মই এজন অবিচি । মোদীজীয়ে কয় যে ভাৰতত কেৱল এটা জাতি আছে, সেয়া হৈছে দৰিদ্ৰ । মই কওঁ যে দ্বিতীয় জাতিটো ধনীসকলৰ ।"

লগতে পঢ়ক :তেলেংগানাৰ নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন ডিএমকেৰ

ABOUT THE AUTHOR

...view details