অসম

assam

ETV Bharat / bharat

Delhi G20 Summit : ৰাজস্থান-ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ বিমান দিল্লীত অৱতৰণত বাধা; অভিযোগ খণ্ডন গৃহ মন্ত্ৰালয়ৰ - G20 summit in Delhi

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ' কিশিডা আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ উপৰি উন্নয়নশীল আৰু উন্নত দেশসমূহৰ অন্যান্য নেতাসকলে অংশগ্ৰহণ কৰা জি-২০ সন্মিলন শনিবাৰে আৰম্ভ হয় ।

Delhi G20 Summit
Delhi G20 Summit

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 6:44 PM IST

নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰ :ৰাজস্থান আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে দিল্লী বিমানবন্দৰত তেওঁলোকৰ চাৰ্টাৰ্ড বিমান অৱতৰণৰ বাবে অনুমোদন নিদিয়াৰ অভিযোগ খণ্ডন কৰিছে গৃহ মন্ত্ৰালয়ে । কেন্দ্ৰক এই অভিযোগ উত্থাপন কৰাৰ এদিন পিছতে শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে তেওঁলোকৰ চাৰিওটা অনুৰোধ অনুমোদিত বুলি উল্লেখ কৰে ।

উল্লেখ্য যে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে দাবী কৰিছিল যে দিল্লী এতিয়া এক ন'-ফ্লাই জ'ন হৈ পৰিছে আৰু তাৰ বাবে শনিবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত হ'বলগীয়া জি-২০ বিশ্ব নেতা সন্মিলনৰ নৈশভোজত অংশগ্ৰহণ কৰিবলৈ অক্ষম হয় । অৱশ্যে গৃহ মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ বিমানৰ বাবে অনুমতি আছে ।

পূৰ্বতে টুইটাৰ নামেৰে জনাজাত এক্সত এই বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৃহ মন্ত্ৰালয়ে কয় যে যদিও ৮-১১ ছেপ্টেম্বৰত দিল্লীত জি-২০ বিশ্ব নেতা সন্মিলনৰ বাবে এক উচ্চ-প্ৰযুক্তিৰ বিমান নিৰাপত্তা ব্যৱস্থাগ্ৰহণ কৰা হৈছে ৰাজ্যপাল আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ তেওঁলোকৰ ৰাজ্যিক বিমানত যাতায়াতৰ অনুমতি দিয়া হৈছে ।

আনহাতে, গৃহ মন্ত্ৰালয়ে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ ক্ষেত্ৰতো একে ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । গৃহ মন্ত্ৰালয়ে কৈছে যে ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ পৰা অহা কোনো অনুৰোধ অস্বীকাৰ কৰা হোৱা নাই । "এক বাতৰি প্ৰতিবেদনত ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে গৃহ মন্ত্ৰালয়ৰ দ্বাৰা তেওঁৰ হেলিকপ্টাৰ উৰণৰ বাবে অনুমোদন অস্বীকাৰ কৰা বুলি দাবী কৰিছে । ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ পৰা বিমানৰ অনুমতিৰ বাবে চিকাৰকে ধৰি চাৰিটা অনুৰোধ লাভ কৰা হৈছিল আৰু সকলোবোৰ গৃহ মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত হৈছিল ।" গৃহ মন্ত্ৰালয়ে এক্সত কয় ।

"যদিও বাণিজ্যিক বিমানৰ সকলো নিৰ্ধাৰিত বিমান আৰু ৰাজ্যিক বিমানত ৰাজ্যপাল আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ চলাচলৰ অনুমতি দিয়া হৈছে, ব্যক্তিগত চাৰ্টাৰ্ড বিমানৰ বাবে গৃহ মন্ত্ৰালয়ৰ নিৰ্দিষ্ট অনুমোদনৰ প্ৰয়োজন ।" গৃহ মন্ত্ৰালয়ে এক্সৰ আন এটা পোষ্টত কয় ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে দিল্লী বিমানবন্দৰে এখন জাননী জাৰি কৰি কৈছিল যে দুদিনীয়া জি-২০ সন্মিলনৰ সময়ত কেৱল নিৰ্ধাৰিত সময়সূচীৰ অধীনত বিমান সেৱা আৰু বিশেষ জি-২০ সন্মিলনৰ বিমানসমূহক ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় (আইজিআই) বিমানবন্দৰত অৱতৰণ আৰু উৰণৰ অনুমতি দিয়া হ'ব । জাননী অনুসৰি, সাধাৰণ বিমান পৰিবহণ আৰু নিৰ্ধাৰিত সময়সূচী নোহোৱা চাৰ্টাৰ বিমানকে ধৰি আন সকলো বিমানে সন্মিলন শেষ নোহোৱালৈকে বিমানবন্দৰটো ব্যৱহাৰ কৰাটো নিষিদ্ধ ।

লগতে পঢ়ক :G20 summit 2023 : বিশ্বৰ নেতাৰ দৃষ্টি আকৰ্ষণ ২৭ ফুট উচ্চতাৰ নটৰাজৰ মূৰ্তিৰ

ABOUT THE AUTHOR

...view details