নেশ্যনেল ডেস্ক,১৯ আগষ্ট :ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিৰুদ্ধে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰ সন্দৰ্ভত সত্ৰ আদালতে শুনানি গ্ৰহণ কৰে । শুনানিৰ সময়ত আদালতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অংশগ্ৰহণ কৰিবলৈ গেহলটক দিয়া সকাহ বজাই ৰাখে । গেহলটে পুনৰ ২১ আগষ্টত অতিৰিক্ত মুখ্য মেট্ৰ'পলিটান মেজিষ্ট্ৰেট (এচিএমএম) হৰজিৎ সিং জছপালৰ আদালতত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অংশগ্ৰহণ কৰিবলৈ সক্ষম হ'ব ।
গেহলটৰ বিচাৰ আদালতৰ ব্যক্তিগত হাজিৰ আদেশৰ পৰা অব্যাহতিৰ গোচৰৰ শুনানি গ্ৰহণ কৰি থকা সত্ৰ ন্যায়াধীশ এম কে নাগপাল ছুটীত থকাৰ বাবে সত্ৰ ন্যায়াধীশ বিকাশ ধুলে গোচৰটোৰ শুনানি গ্ৰহণ কৰে আৰু পূৰ্বৰ আদেশটো বজাই ৰাখে । গোচৰটোৰ পৰৱৰ্তী শুনানি ১৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব । উক্ত দিনাও গেহলটে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আদালতত অংশগ্ৰহণ কৰিব পাৰিব ।