অসম

assam

ETV Bharat / bharat

কোন বহিব ৰাজস্থানৰ মচনদত ? বসুন্ধৰা ৰাজেক প্ৰস্তাৱ একাংশ বিজেপি বিধায়কৰ - কোন বহিব ৰাজস্থানৰ মচনদত

ৰাজ্যখনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত মুখ্যমন্ত্ৰী কোন হ'ব তাৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে । ইফালে চিভিল লাইনৰ ১৩ নম্বৰ বাংলোত সৃষ্টি হৈছে আলোড়ন । পুৱাৰে পৰা ১২ গৰাকী বিধায়কে প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেক সাক্ষাৎ কৰে ।

Rajasthan assembly elections 2023
কোন বহিব ৰাজস্থানৰ মচনদত

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 7:30 PM IST

নিউজ ডেস্ক, ৪ ডিচেম্বৰ : ৰাজস্থান বিধানসভা নিৰ্বাচনৰ ফলাফল ইতিমধ্যে পৰিষ্কাৰ হৈছে । সংখ্যাগৰিষ্ঠতা লাভেৰে বিজেপিয়ে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে । অৱশ্যে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম এতিয়ালৈকে বিজেপিয়ে ঘোষণা কৰা নাই । আনহাতে, বিধায়িনী দলৰ বৈঠক আহ্বানৰ বাবেও কোনো সময় নিৰ্ধাৰণ কৰা হোৱা নাই । তাৰ মাজতে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব তাৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে । ৰাজনৈতিক মহলত উদ্ভৱ হোৱা মুখ্যমন্ত্ৰীকেন্দ্ৰিক প্ৰশ্নৰ মাজতে চিভিল লাইনৰ ১৩ নম্বৰ বাংলোত আলোড়ন বৃদ্ধি পাইছে । সোমবাৰে পুৱাৰে পৰা ১২ গৰাকী বিধায়কে প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেক সাক্ষাৎ কৰে । বসুন্ধৰাপন্থী বিধায়কসকলে ৰাজেক মুখ্যমন্ত্ৰী পতাৰ দাবী উত্থাপন কৰিছে ।

বহু বিধায়ক আৰু কৰ্মী পুৱাৰে পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেৰ বাসগৃহত উপস্থিত হয় । তেওঁলোকৰ ভিতৰত আছে বিধায়ক কালিচৰণ চৰফ, বাবু সিং ৰাথোড়, প্ৰেমচান্দ বৈৰৱা, গোবিন্দ ৰাণীপুৰীয়া, ললিত মীনা, কানৱাৰ লাল মীনা, ৰাধেশ্যাম বৈৰৱা, কলুলাল মীনা, সুৰেশ ৰাৱত, কে কে বিষ্ণই, ভাগচান্দ তাক্ৰা, প্ৰতাপ সিং সিংভি আৰু ৰামস্বৰূপ লাম্বা । ইয়াৰ উপৰি প্ৰাক্তন ৰাজ্যিক সভাপতি অশোক পৰনামীকে ধৰি আন নেতাসকলো বৈঠকত উপস্থিত থাকে ।

প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেক সাক্ষাৎ কৰাৰ পিছত ৰামস্বৰূপ লাম্বাই কয় যে এয়া এক সৌজন্যমূলক বৈঠক আছিল । সকলো বিধায়কৰ বসুন্ধৰা ৰাজেৰ প্ৰতি সমৰ্থন আছে বুলিও তেওঁ কয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যখনত বিজেপি চৰকাৰ গঠন হ'বলৈ গৈ আছে । মুখ্যমন্ত্ৰী কোন হ'ব সেই প্ৰশ্নত তেওঁ কয় যে ইয়াৰ বাবে বিধায়কসকলৰ এখন বৈঠক অনুষ্ঠিত হ'ব । তাত সিদ্ধান্ত লোৱা হ'ব । ইয়াৰ পিছত সংসদীয় পৰিষদে সিদ্ধান্ত ল'ব । লাম্বাই কয় যে সোমবাৰৰ বৈঠকত মুখ্যমন্ত্ৰীৰ বিষয়ে কোনো আলোচনা হোৱা নাই ।

আনহাতে, বৈৰৰ বিজেপি বিধায়ক বাহাদুৰ সিং কলিয়েও প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেক সাক্ষাৎ কৰে । ৰাজেক লগ কৰাৰ পূৰ্বে বাহাদুৰ সিঙে কয় যে মুখ্যমন্ত্ৰী জনসাধাৰণে দাবী কৰা ধৰণে হ'ব, তেওঁ হৈছে বসুন্ধৰা ৰাজে । বসুন্ধৰা ৰাজেক মুখ্যমন্ত্ৰী পতা উচিত । "আমি বসুন্ধৰা ৰাজেক শক্তিশালী কৰিবলৈ ইয়ালৈ আহিছোঁ । তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় উপ-সভাপতিৰ লগতে বিধায়কো । সকলোৱে তেওঁক মুখ্যমন্ত্ৰী পতাটো বিচাৰে । আমি তেওঁক লগ কৰিবলৈ আহিছোঁ, তেওঁৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ । অৱশ্যে বিজেপিৰ শীৰ্ষ নেতৃত্বই যি কয় সেয়াহে হ'ব । কিন্তু আমি বিচাৰোঁ যে বসুন্ধৰা ৰাজেক মুখ্যমন্ত্ৰী পতা হওক ।" তেওঁ কয় ।

উল্লেখ্য যে ৰাজে পূৰ্বতে দুবাৰ মুখ্যমন্ত্ৰী আছিল আৰু তেওঁ সক্ষম নেতৃত্বৰে ৰাজ্যখন শাসন কৰিছিল । যদি বিধায়িনী দলৰ বৈঠকত বিষয়টো আহে, তেন্তে সকলোৱে দৃঢ়ভাৱে প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেক মুখ্যমন্ত্ৰী পতা উচিত বুলি ক'ব বুলিও তেওঁ কয় ।

উল্লেখ্য যে নিৰ্বাচনত জয়ৰ উল্লাসৰ মাজতে সোমবাৰে দিল্লীত এখন বৈঠক চলি আছে । বৈঠকত বাবা বালক নাথ, দিয়া কুমাৰী, ৰাজ্যবৰ্ধন সিং ৰাথোৰ, ৰাজ্যিক সভাপতি চি পি যোশী, গজেন্দ্ৰ সিং শ্বেখাৱতো উপস্থিত আছে । সভাত ৰাজস্থানৰ বাবে এজন পৰ্যবেক্ষক নিযুক্ত কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :মিজোৰামত চৰকাৰ গঠনৰ বাবে সাজু জেড পি এম; বিজেপিৰ মতে ফলাফল অপ্ৰত্যাশিত

ABOUT THE AUTHOR

...view details