নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ :পুৱাৰে পৰা আৰম্ভ হৈছে ৰাজস্থান বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ৰাজ্যখনৰ ১৯৯ খন বিধানসভা আসনৰ বাবে আজি ভোটগ্ৰহণ চলি আছে । নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ১৮৬৩ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব । ৰাজ্যৰ ৫ কোটিৰো অধিক ভোটাৰে আজি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ।
ৰাজস্থানত নিৰ্বাচন আয়োগে স্থাপন কৰিছে ৫১৫০৭টা ভোটকেন্দ্ৰ । লগতে ৰাজ্যৰ ৫ কোটি ২৬ লাখ ৯০ হাজাৰ ১৪৬ জন ভোটাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব । ইতিমধ্যে শান্তিপূৰ্ণভাৱে ভোটদান অনুষ্ঠিত কৰাৰ বাবে বিশদ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ।
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা চৰ্দাৰপুৰা বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অশোক গেহলোট পুৱা ৯.৩০ বজাত মহামন্দিৰত অৱস্থিত বৰ্ধমান জৈন বিদ্যালয়ৰ ১১১ নম্বৰ বুথত পৰিয়ালৰ সৈতে ভোটদান কৰিব বুলি জানিব পৰা গৈছে ।
৫ কোটিতকৈ অধিক ভোটাৰ :
৫ কোটি ২৬ লাখ ৯০ হাজাৰ ১৪৬ ভোটাৰে ৰাজ্যৰ ১৯৯ খন বিধানসভাৰ আসনত নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰিব । ৰাজ্যত ১৮ ৰ পৰা ৩০ বছৰ বয়সৰ ১ কোটি ৭০ লাখ ৯৯ হাজাৰ ৩৩৪ জন যুৱ ভোটাৰ আছে । য’ত ১৮ ৰ পৰা ১৯ বছৰ বয়সৰ ২২ লাখ ৬১ হাজাৰ ৮ জন নতুন ভোটাৰক অন্তৰ্ভুক্ত কৰা হৈছে ।
মুখ্য নিৰ্বাচনী বিষয়া প্ৰবীণ গুপ্তাই কয় যে ৰাজ্যৰ ৩৬,১০১ স্থানত ভোটগ্ৰহণৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰ ভিতৰত চহৰ অঞ্চলত ১০,৫০১ টা ভোটকেন্দ্ৰ আৰু গ্ৰামাঞ্চলত ৪১,০০৬ টা ভোটকেন্দ্ৰ নিৰ্মাণ কৰা হৈছে । ২৬,৩৯৩টা ভোটকেন্দ্ৰত লাইভ ৱেবকাষ্টিং কৰা হ’ব বুলি তেওঁ জনায় ।
এই ভোটগ্ৰহণ কেন্দ্ৰসমূহ জিলা পৰ্যায়ৰ নিয়ন্ত্ৰণ কক্ষৰ পৰা নিৰীক্ষণ কৰা হ’ব । সমগ্ৰ ৰাজ্যত ভোটদানৰ বাবে ৬৫,২৭৭টা বেলট ইউনিট, ৬২,৩৭২টা কণ্ট্ৰল ইউনিট আৰু ৰিজাৰ্ভকে ধৰি ৬৭,৫৮০টা ভিভিপিএটি মেচিন ব্যৱহাৰ কৰা হ’ব ।
মাইক্ৰ' অবজাৰ্ভাৰৰ কৰ্তব্য :