নিউজ ডেস্ক, 2 অক্টোবৰ :ৰাজস্থান বিধানসভাত চলিত অধিবেশনত আজি শূণ্যকাল আৰু প্ৰশ্নকাল অনুষ্ঠিত নহয় ৷ সদনত চৰকাৰে আজি উত্থাপন কৰিব পাঁচখনকৈ বিশেষ বিধেয়ক ৷ ইয়াৰ ওপৰত চৰ্চা হোৱাৰ পিচতেই অধিৱেশন ভংগ কৰি দিয়া হ'ব বুলি জানিব পৰা গৈছে ৷ ইয়াৰ ভিতৰত অন্যতম হৈছে কেন্দ্ৰীয় কৃষি আইনৰ বিৰোধিতাৰে উত্থাপন কৰা ৰাজ্যখনৰ নিজা কৃষি বিধেয়ক ৷
দিনৰ 11 বজাৰ পৰাই সদনৰ কাম-কাজ আৰম্ভ হয় ৷ কিন্তু প্ৰশ্নোত্তৰ আৰু শূণ্যকাল নথকাৰ বাবে বিধায়কসকলে অন্য় সমস্যাৰ দিশত কোনো চৰ্চাত অংশগ্ৰহণ কৰিব নোৱাৰিব ৷ অৱশ্য়ে সদনত উত্থাপন কৰিবলগীয়া বিধেয়ক সন্দৰ্ভত বিধানসভাত বিধায়কৰ সংখ্যা অনুসৰি নিজা মত ৰাখিব পাৰিব সদস্যসকলে ৷