নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰী: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ৰাজস্থান ভ্ৰমণৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ আক্ৰমণ । ২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজস্থানৰ কৃষকসকলক ৰাহুল গান্ধীয়ে ঋণ ৰেহাই দিব বুলি প্ৰতিশ্ৰতি দিছিল আৰু সেই প্ৰতিশ্ৰতিৰ কথা দেওবাৰে স্মৃতি ইৰাণীয়ে সোঁৱৰাই দিয়ে । উল্লেখ্য যে, ২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজস্থানত কংগ্ৰেছে চৰকাৰ গঠন কৰিলে কৃষকলক ১০ দিনৰ ভিতৰত ঋণ ৰেহাই কৰিব বুলি মুকলি প্ৰতিশ্ৰুতি দিছিল ।
দিল্লীত অব্যাহত থকা কৃষকসকলৰ প্ৰতিবাদৰ সমৰ্থন জনাই চলিত মাহৰ ১২-১৩ ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে ৰাজস্থান অভিমুখে ৰাওনা হ'ব নেতাগৰাকী । কেন্দ্ৰ চৰকাৰে বলৱৎ কৰা তিনিখনকৈ নতুন কৃষি আইনৰ বিৰুদ্ধে অব্যাহত থকা কৃষকসকলৰ প্ৰতিবাদ সমৰ্থনৰ উদ্দেশ্যে অহা ১২-১৩ ফেব্ৰুৱাৰীত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰাজস্থান ভ্ৰমণ কৰিব । এই কথা টুইটযোগে জনায় ৰাজস্থানৰ কংগ্ৰেছ নেতা অজয় মেকেনে ।