নেশ্যনেল ডেস্ক, ২৫ জুলাই :পৰ্ণ'গ্ৰাফী গোচৰৰ (pornography case) নতুন মোৰ । অভিযুক্ত ৰাজ কুন্দ্ৰাৰ (Raj Kundra) বিৰুদ্ধে সাক্ষী দিবলৈ সাজু হৈছে তেওঁৰে চাৰিজন কৰ্মচাৰী । মুম্বাই আৰক্ষীৰ (Mumbai Police) এক সূত্ৰই জনোৱা মতে ৰাজ কুন্দ্ৰাই তদন্তত আৰক্ষীক সহায় কৰা নাই ।
কিন্তু ৰাজ কুন্দ্ৰাৰ কোম্পানী ভিয়ান ইণ্ডাষ্ট্ৰিজৰ (Viaan Industries) চাৰিগৰাকী কৰ্মচাৰীয়ে সাক্ষী দিবলৈ সাজু হৈছে । ইতিমধ্যে মুম্বাই অপৰাধ শাখাৰ প্ৰ'পাৰ্টি চেলক পৰ্ণ ৰেকেটটোৰ সকলো বিৱৰণ দিছে কৰ্মচাৰীকেইজনে । ইতিমধ্যে ৰাজ কুন্দ্ৰাৰ পত্নী তথা বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীও (Shilpa Shetty) আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈছে ।
বিশেষকৈ ৰাজ কুন্দ্ৰাৰ লগতে শিল্পা চেট্টী জড়িত আছে নেকি তাকলৈ জেৰা চলোৱা হৈছিল অভিনেত্ৰীগৰাকীক । জেৰাৰ সময়ত তেওঁলোকৰ প্ৰতিষ্ঠানৰ বিত্তীয় লেনদেন সম্পৰ্কীয় প্ৰশ্নবোৰ শিল্পাক সোধা হৈছিল বুলি এক সূত্ৰই জনাইছে । ইফালে তদন্তৰ মাজতে আৰক্ষীয়ে এটা প্ৰিণ্টাৰ, এটা লেপটপ আৰু নথিপত্ৰৰে ভৰ্তি এটা বাকচ জব্দ কৰিছে ।