নেশ্যনেল ডেস্ক, ২৩ জুলাই :অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰাই মুম্বাই উচ্চ ন্যায়ালয়ত (Mumbai High Court) পৰ্ণোগ্ৰাফিক চলচ্চিত্ৰ নিৰ্মাণ সম্পৰ্কীয় এটা গোচৰত গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই এখন আবেদন দাখিল কৰিছে । জানিব পৰা মতে কুন্দ্ৰাই আবেদনখনত গোচৰটোত তেওঁৰ গ্ৰেপ্তাৰক 'অবৈধ' বুলি বৰ্ণনা কৰিছে । ইফালে, একাংশ আৰক্ষী বিষয়াই মুম্বাইত তেওঁৰ বাসগৃহত অভিযান অব্যাহত ৰাখিছে ।
শেহতীয়াকৈ পৰ্ণোগ্ৰাফী তথা অশ্লীল ৱেব চিৰিজ (Web Series) নিৰ্মাণ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে আটক কৰিছে বলীউডৰ মোহময়ী অভিনেত্ৰী শিল্পা চেট্টী কুন্দ্ৰাৰ (Shilpa Shetty)ৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰা (Raj Kundra)ক । ইফালে ৰাজ কুন্দ্ৰাৰ অধিবক্তাই অশ্লীল চলচ্চিত্ৰৰ ওপৰত আৰক্ষীৰ গোচৰত ৰাজ কুন্দ্ৰাৰ ছবিৰ বিষয়বস্তুক পৰ্ণোগ্ৰাফী হিচাপে শ্ৰেণীবদ্ধ কৰাত আপত্তি জনাইছে । ৰাজ কুন্দ্ৰাই গোচৰটোত আগতীয়া জামিন বিচাৰিছিল যদিও তেওঁক শুকুৰবাৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল ।