নেশ্যনেল ডেস্ক, 30 ছেপ্টেম্বৰ:মুম্বাই অপৰাধ শাখাৰ বিৰুদ্ধে চিবিআইক (Central Bureau of Investigation) আবেদন ৰাজ কুন্দ্ৰাৰ ৷ কোনো অশ্লীল চলচ্চিত্ৰ নিৰ্মাণ বা গোচৰটোৰ কোনো অভিযুক্তৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই ৰাজ কুন্দ্ৰাই নিজৰ স্থিতি স্পষ্ট কৰি কয় যে, মুম্বাই অপৰাধ শাখাৰ কিছু বিষয়াই পৰ্ণগ্ৰাফীৰ ৰেকেটত তেওঁক জোৰ জবৰদস্তি জড়িত কৰিছে (Raj Kundra moves CBI against Mumbai Crime Branch)৷
কুন্দ্ৰাই দাবী কৰিছিল যে, অপৰাধ শাখাৰ আৰক্ষীয়ে তেওঁক পৰ্ণগ্ৰাফীৰ ৰেকেটত জড়িত কৰিবলৈ যথাসাধ্য চেষ্টা কৰিছিল যদিও পৰ্ণ ৰেকেট গোচৰত দাখিল কৰা মূল অভিযোগপত্ৰত তেওঁৰ নাম উল্লেখ কৰা হোৱা নাছিল (Raj Kundra written a letter to CBI)। তেওঁ কৈছিল যে, গোচৰটোৰ প্ৰতিজন সাক্ষীয়ে তেওঁৰ বিৰুদ্ধে সাক্ষ্য দিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল ৷