অসম

assam

ETV Bharat / bharat

যোগ গুৰু ৰামদেৱৰ বিৰুদ্ধে গোচৰ ৰুজু ৰায়গড় আৰক্ষীৰ - ছট্টিশগড়

এল'পেথিৰ সন্দৰ্ভত 'মিছা তথ্য' প্ৰচাৰ কৰাৰ অভিযোগত যোগ গুৰু ৰামদেৱ(Ramdev)ৰ বিৰুদ্ধে গোচৰ ৰুজু ৰায়গড় আৰক্ষীৰ । ইণ্ডিয়ান মেডিকেল এছ'চিয়েছনৰ (IMA) ছট্টিশগড়ৰ গোটে দাখিল কৰা অভিযোগৰ ভিত্তিত বুধবাৰে নিশা ৰামকৃষ্ণ যাদৱ ওৰফে বাবা ৰামদেৱৰ বিৰুদ্ধে গোচৰটো ৰুজু কৰা হয় ।

Raipur police have registered an FIR against yoga guru Ramdev
যোগ গুৰু ৰামদেৱৰ বিৰুদ্ধে গোচৰ ৰুজু ৰায়গড় আৰক্ষীৰ

By

Published : Jun 17, 2021, 5:50 PM IST

নেশ্যনেল ডেস্ক, ১৭ জুন: ক'ভিড-১৯ৰ চিকিৎসাৰ ক্ষেত্ৰত এল'পেথি ঔষধ ব্যৱহাৰ কৰা সন্দৰ্ভত 'মিছা তথ্য' প্ৰচাৰ কৰাৰ অভিযোগত ছট্টিশগড়ৰ ৰায়গড় আৰক্ষীয়ে ৰামদেৱ(Ramdev)ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । বৃহস্পতিবাৰে ৰায়গড়ৰ আৰক্ষী অধীক্ষক অজয় যাদৱে এই কথা জানিবলৈ দিয়ে ।

আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, ইণ্ডিয়ান মেডিকেল এছ'চিয়েছনৰ (IMA) ছট্টিশগড়ৰ গোটে দাখিল কৰা অভিযোগৰ ভিত্তিত বুধবাৰে নিশা গোচৰ ৰুজু কৰা হয় । ভাৰতীয় দণ্ডবিধিৰ ১৮৮ আৰু ২৬৯ আৰু ৫০৪ নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৰামদেৱৰ বিৰুদ্ধে ।

এই সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে । অভিযোগ দাখিল কৰা চিকিৎসকসকলৰ ভিতৰত আছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েছনৰ হাস্পতাল ব'ৰ্ডৰ অধ্যক্ষ ড০ ৰাকেশ গুপ্তা আৰু ইণ্ডিয়ান মেডিকেল এছ'চিয়েছন, ৰায়গড়ৰ সভাপতি বিকাশ আগৰৱাল ।

ইণ্ডিয়ান মেডিকেল এছ'চিয়েছনৰ অভিযোগ অনুসৰি, যোৱা এবছৰ ধৰি ৰামদেৱে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ চিকিৎসাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ, চিকিৎসক, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (ICMR) ব্যৱহাৰ কৰা ঔষধৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত মিছা তথ্য আৰু ভাবুকিপূৰ্ণ মন্তব্য প্ৰচাৰ কৰি আহিছে ।

এনে ধৰণৰ বহু ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে বুলিও অভিযোগ উত্থাপিত হৈছে । ৯০ শতাংশ ক'ভিড ৰোগীক আৰোগ্য কৰা চিকিৎসা ব্যৱস্থা আৰু এল'পেথি ঔষধ সন্দৰ্ভতো ৰামদেৱে তাচ্ছিল্যপূৰ্ণ মন্তব্য কৰি আহিছে । ৰামদেৱে ছট্টিশগড় চৰকাৰৰ নিৰ্দেশ উলংঘা কৰিছে বুলি জানিবলৈ দিছে আৰক্ষী বিষয়া অজয় যাদৱে । যোৱা বছৰ ১৩ মাৰ্চত চৰকাৰে নিৰ্দেশ জাৰি কৰিছিল যে, স্বাস্থ্য বিভাগৰ পৰা আগতে অনুমতি নোলোৱাকৈ ক'ভিড-১৯ সন্দৰ্ভত কোনো ব্যক্তি অথবা সংস্থা ছপা, বৈদ্যুতিন মাধ্যম, ছ'চিয়েল মিডিয়াত তথ্য প্ৰকাশ কৰিব নোৱাৰিব ।

লগতে পঢ়ক:মৰমৰ জীয়ৰীয়ে পঢ়িছে, প্ৰচণ্ড বৰষুণতো ছাতি লৈ কাষতে থাকিল পিতৃ

ABOUT THE AUTHOR

...view details