চেন্নাই,৭ নৱেম্বৰ :চেন্নাই আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহত নিশাৰ পৰা অব্যাহত আছে ধাৰাসাৰ বৰষুণ । ইতিমধ্যে চাৰিওফালে বৰষুণৰ পানীৰে জলমগ্ন হৈ পৰিছে । সংশ্লিষ্ট কৰ্তৃপক্ষই যিকোনো মুহূৰ্তত জলাশয় মুকলি কৰি দিব পাৰে । যাৰ বাবে ইতিমধ্যে সেই অঞ্চলবোৰত কৃত্ৰিম বানৰ সতৰ্কতা জাৰি কৰিছে ।
চেন্নাই চহৰৰ খোৱা পানীৰ গুৰুত্বপূৰ্ণ উৎস চেম্বাৰামবাক্কাম আৰু পুজাল জলাশয় ইতিমধ্যে পানীৰে উপচি পৰিছে । সেয়ে তাৰ পৰা অতিৰিক্ত পানী এৰি দিয়াৰ বাবে যো-জা চলাইছে কৰ্তৃপক্ষই । ইফালে কৃত্ৰিম বানৰ আশংকাত প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ।