নিউজ ডেস্ক, ৯ জুলাই : প্ৰবল বৰষুণৰ ফলত উত্তৰ ভাৰতৰ কেইবাটাও স্থানত কমেও ১৪ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে । লগতে ভূমিস্খলনৰ ফলত বহু ঘৰ আৰু ৰাস্তা ক্ষতিগ্ৰস্ত হৈছে । পথৰ ওপৰত বৃহৎ পৰিমাণৰ পানী জমা হোৱাৰ লগতে কেইবাখনো দলং উটুৱাই নিছে ।
এতিয়ালৈকে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ ভিতৰত আছে হিমাচল । ৰাজ্যখনত অতি কমেও পাঁচজন লোকে প্ৰাণ হেৰুৱাইছে । লগতে ভূমিস্খলনৰ ফলত পাহাৰীয়া ৰাজ্যখনৰ একাধিক ঘৰ আৰু অন্যান্য প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হৈছে । উত্তৰাখণ্ডত এখন গাড়ী ভূমিস্খলনৰ ফলত খুন্দা খাই গংগাত ডুব যোৱাৰ ফলত কমেও তিনিজন লোক নিহত হৈছে । আনহাতে, ১৯৮২ চনৰ পৰা জুলাই মাহত দিল্লীত এটা দিনত সৰ্বাধিক বৰষুণৰ ৰেকৰ্ড কৰা হৈছে । লগতে বৰষুণে ৰাষ্ট্ৰীয় ৰাজধানীকো অচল কৰি পেলাইছে ।
উল্লেখ্য যে জম্মু-কাশ্মীৰত শনিবাৰে সন্ধিয়া পুঞ্চ জিলাত আকস্মিক বানপানীত উটি গৈ দুজন সেনা জোৱানৰ মৃত্যু হয় । ৰাজস্থানৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণৰ ফলত শনিবাৰে পৃথক ঘটনাত চাৰিজন লোকৰ মৃত্যু হয় । চিত্তোৰগড়ত বজ্ৰপাতৰ ফলত এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মৃত্যু হয় । আনহাতে, সৱাই মাধোপুৰত দুটা পৃথক ঘটনাত দুজন পুৰুষ পানীত ডুব যায় ।