গ্ৰীষ্মকালত নিজকে শীতল আৰু শৰীৰত পানীৰ অভাৱ নহ'বৰ বাবে আপুনি বিভিন্ন দৰণৰ খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে । পানীৰে সমৃদ্ধ খাদ্যই গ্ৰীষ্মকালত আপোনাৰ শৰীৰৰ বাবে বহু উপকাৰ সাধন কৰে(Salad)। গ্ৰীষ্মকালত আপুনি বহু ধৰণৰ ৰসাল ফলৰ সৈতে চালাড তৈয়াৰ কৰি খাব পাৰে । এই ফলবোৰত বহুতো পুষ্টিকৰ উপাদান থাকে । ৰসাল ফল খাবলৈ এইটো এটা নিখুঁত বতৰ । জাংক ফুড খোৱাৰ পৰিৱৰ্তে এই ফলৰ চালাডো খাব পাৰে(Rainbow Fruit Salad)।
বিভিন্ন ৰঙৰ ফল ব্যৱহাৰ কৰি এই চালাড তৈয়াৰ কৰা হয়(Salad Making)। সেইবাবেই ইয়াক ৰামধেনু ফলৰ চালাড বুলিও কোৱা হয় । আপুনিও ঘৰতে অতি সহজে এই চালাড প্ৰস্তুত কৰিব পাৰে, জানি লওক ইয়াক তৈয়াৰ কৰা পদ্ধতি(Rainbow Salad Making process)।
Rainbow Fruit Saladৰ উপাদান
ষ্ট্ৰবেৰী ১/২ কাপ কাটি লোৱা
১/২ কাপ কটা ব্লুবেৰী
১/২ কাপ কটা ৰাছবেৰী
১/২ কাপ কটা ব্লেকবেৰী
১/২ কাপ আপেল সৰু সৰুকৈ কাটি লোৱা
কমলা বাকলি গুচাই গুটি আঁতৰোৱাকৈ ১/২ কাপ
আঙুৰ ১/২ কাপ
১/২ কাপ খৰবুজ সৰু সৰু কিউবত কাটি লোৱা
ড্ৰেছিঙৰ বাবে আপুনি এচামুচ নেমুৰ ৰস, এচামুচ মৌ আৰু পদিনা পাতৰ প্ৰয়োজন হ’ব ।