নেশ্যনেল ডেস্ক, 23 আগষ্ট : ভূতৰ ওপৰত দানহ পৰাদি হিমাচল প্ৰদেশত পুনৰ ধাৰাসাৰ বৃষ্টিপাত হৈছে ৷ বিগত দিনকেইটাত ৰাজ্যখনৰ বিভিন্ন অঞ্চলবোৰত ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ ফলত যথেষ্ট ক্ষতি হৈছে ৷ বুধবাৰে হিমাচল প্ৰদেশৰ ছিমলাৰ মাছোব্ৰাত ভূমিস্খলনৰ ফলত এটা দম্পতীৰ মৃত্যু হয় ৷ ভূমিস্খলনৰ ধ্বংসাৱশেষৰ পৰা দম্পতীটোৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ ইয়াৰে সমান্তৰালকে বতৰ বিজ্ঞান বিভাগৰ অনুসৰি অহা 25 আগষ্টলৈকে বতৰ এনেদৰেই বেয়া হৈ থাকিব ৷
জানিব পৰামতে বুধবাৰে নিশাৰ পৰা ৰাজ্যখনত ধাৰাবাহিক বৰষুণ হৈ থকাৰ ফলত বানপানী আৰু ভূমিস্খলনৰ ফলত ৰাজ্যখনৰ পুনৰ বিভীষিকাৰ সৃষ্টি হৈছে ৷ ফলত ৰাজ্যখনত পুনৰ জন জীৱন ব্যাহত হৈছে ৷ বতৰ বিজ্ঞান বিভাগে 12 খন জিলাৰ ভিতৰত 9 খন জিলাত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে ৷ ইয়াৰ লগতে ছিমলা, চোলান, চিৰমৌৰ, মাণ্ডি আৰু কুল্লুত ধাৰাসাৰ বৰষুণ অব্যাহত আছে ৷
মুষলধাৰ বৰষুণৰ ফলত ৰাজধানী ছিমলাৰ বহু ঠাইত গছ-গছনি খহি পৰিছে আৰু কিছু ঠাইত ভূমিস্খলনো হৈছে ৷ যাৰ বাবে ছিমলাৰ ৰামপুৰত 5 নং ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে ৷ ৰামপুৰ উপ-বিভাগৰ উপৰিও, কিন্নৌৰ, লাহৌল-স্পিতি পথত ভূমিস্খলনৰ ফলত ছিমলাৰ পৰা সম্পূৰ্ণৰূপে সংযোগ বিচ্ছিন্ন হৈ পৰিছে ৷ ইফালে এই বিভীষিকাৰ ফলত আপেলৰ খেতিয়সকলৰ ভীষণ ক্ষতিসাধন হৈছে ৷
ইফালে ছিমলাৰ ধালি আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত ভূমিস্খলনৰ ফলত এটা দম্পতীৰ মৃত্যু হয় ৷ ঝাৰখণ্ডৰ দম্পতীয়োৱে শোল গাঁৱত শ্ৰমিক হিচাপে কাম কৰিছিল ৷ তেওঁলোকে বাস কৰা ভাৰাঘৰটো বুধবাৰে পুৱা ভূমিস্খলনৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল ৷ ফলত তেওঁলোক দুয়োজনৰ মৃত্যু হয় ৷ আৰক্ষীয়ে দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷