অসম

assam

ETV Bharat / bharat

কৃত্ৰিম বানৰ কবলত বাংগালুৰুৰ বহু অঞ্চল - জনজীৱন ব্যাহত

বাংগালুৰুকে ধৰি কৰ্ণাটকৰ কিছু অংশত তিনিদিন ধৰি অব্যাহত আছে প্ৰৱল বৃষ্টিপাত ৷ একেৰাহে হোৱা বৰষুণে বহু অঞ্চল জলমগ্ন কৰি জনজীৱন ব্যাহত কৰি তুলিছে ৷

rain-lashes-parts-of-karnataka-including-bengaluru-hubballi
কৃত্ৰিম বানৰ কবলত বাংগালুৰুৰ বহু অঞ্চল

By

Published : Apr 24, 2021, 7:50 PM IST

নিউজ ডেস্ক, 24 এপ্ৰিল: একেৰাহে তৃতীয় দিন বাংগালুৰুকে ধৰি কৰ্ণাটকৰ কিছু অংশত প্ৰৱল বৃষ্টিপাত অব্যাহত আছে । শুকুৰবাৰে সন্ধিয়া আৰু নিশাও ৰাজ্যখনৰ ৰাজধানীত ধাৰাসাৰ বৰষুণ হয় ।

কৃত্ৰিম বানৰ কবলত বাংগালুৰুৰ বহু অঞ্চল

মনকৰিবলগীয়া যে, সাপ্তাহিক লক ডাউনৰ বাবে বাছৰ সংখ্যাও যথেষ্ট হ্ৰাস পাইছে চহৰখনত, যাৰ ফলত বহুলোক বৰষুণৰ মাজতে আবদ্ধ হৈ পৰে । বৰষুণৰ ফলত মেজেষ্টিক, গান্ধীনগৰ, যশৱন্তপুৰ, দচাৰাহাল্লি, ৰাজজীনগৰ, বাসবেশ্বৰ নগৰ, উইলচন গাৰ্ডেন, শান্তি নগৰ আৰু কোৰামংগলা অঞ্চলসমূহত যান-জঁটৰো সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷

কৃত্ৰিম বানৰ কবলত বাংগালুৰুৰ বহু অঞ্চল

ইফালে বাংগালুৰুৰ মহাদেৱপুৰা আৰু কে আৰ পুৰাত একেৰাহে দুঘণ্টা ধৰি হোৱা বৰষুণে অঞ্চলটো জলমগ্ন হৈ পৰাত জনজীৱন ব্যাহত হয় ৷ বাসৱনাগুড়ি, জয়নগৰ, বনশংকৰী, বিজয়নগৰ, য়েলাহাংকা আৰু মেজেষ্টিক অঞ্চলতো একপ্ৰকাৰ কৃত্ৰিম বানৰ সৃষ্টি হয় । এই বানত ঠায়ে ঠায়ে কিছু বাহন তথা অন্য সম্পত্তিৰ কিছু ক্ষতিসাধন হয় ৷

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নথালপতি ভেংকটৰমণ

ABOUT THE AUTHOR

...view details