অসম

assam

ETV Bharat / bharat

হাওৰা কালকা মেইলক 'নেতাজী এক্সপ্ৰেছ' নামেৰে নামাকৰণ - হাওৰা কালকা মেইলৰ নাম সলনি কৰি 'নেতাজী এক্সপ্ৰেছ' নামেৰে স্মৃতি তৰ্পন ভাৰতীয় ৰেলৱেৰ

ভাৰতৰ সকলোতকৈ পুৰণি ৰেল হাওৰা কালকা মেইলৰ নাম সলনি কৰি 'নেতাজী এক্সপ্ৰেছ' নামেৰে স্মৃতি তৰ্পন ভাৰতীয় ৰেলৱেৰ ।

হাওৰা কালকা মেইলক 'নেতাজী এক্সপ্ৰেছ' নামেৰে নামাকৰণ
হাওৰা কালকা মেইলক 'নেতাজী এক্সপ্ৰেছ' নামেৰে নামাকৰণ

By

Published : Jan 20, 2021, 5:44 PM IST

নিউজ ডেস্ক, ২০ জানুৱাৰী: স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা সুভাষ চন্দ্ৰ বসুৰ অহা ২৩ জানুৱাৰীত ১২৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ভাৰতীয় ৰেলৱে মংগলবাৰে হাওৰা কালকা মেইলৰ নাম সলনি কৰি 'নেতাজী এক্সপ্ৰেছ' নামেৰে স্মৃতি তৰ্পন কৰে । ৰেল মন্ত্ৰী পিয়ুয গোৱেলে টুইট কৰি কয় যে স্বাধীনতা সংগ্ৰামৰ নিৰ্ভীক নিৰপেক্ষ নেতাগৰাকীৰ মাৰ্গ দৰ্শন অতুলনীয় আছিল । ২৩ জানুৱাৰীত নেতাগৰাকীৰ জন্ম জয়ন্তীত 'নেতাজী এক্সপ্ৰেছ'ৰ আৰম্ভণিৰে উদযাপন কৰিবলৈ ব্যকুল আগ্ৰহেৰে অপেক্ষাৰত ।

হাওৰা কালকা মেইলক 'নেতাজী এক্সপ্ৰেছ' নামেৰে নামাকৰণ

উল্লেখ্য যে, ভাৰতৰ সকলোতকৈ পুৰণি ৰেল হাওৰা কালকা মেইল । এই ৰেলখনে কলকাতাৰ হাওৰাৰ পৰা হাৰিয়াণাৰ কালকালৈ চলাচল কৰে । ১৯৪১ চনত বসুৱে তেওঁৰ ঘৰৰ পৰা পলায়ন কৰি হাওৰা কালকা মেইলত যাত্ৰা কৰিছিল ।

শেহতীকৈ ভাৰত চৰকাৰে নেতা সুভাষ চন্দ্ৰ বসুৰ প্ৰত্যেক জন্ম জয়ন্তীৰ দিনাখন 'পৰাক্ৰম দিৱস' হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২১ ডিচেম্বৰত সুভাষ চন্দ্ৰ বসুৰ জন্মদিনৰ দিনা অৰ্থাৎ ২৩ জানুৱাৰীৰ দিনাখন বিশাল আয়োজনৰে উদযাপন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে । জন্মদিনৰ এই কাৰ্যসূচীৰ তদাৰক আৰু মাৰ্গদৰ্শন কৰিবলৈ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এখন সমিতিও গঠন কৰা হয় ।

আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠা কৰা সুভাষ চন্দ্ৰ বসুৰ ১৮৯৭ চনৰ ২৩ জানুৱাৰীত ওড়িশাৰ কটক চহৰত জন্ম হৈছিল । তেওঁৰ পিতৃৰ নাম আছিল জানকীনাথ বসু । পেছাত এগৰাকী অধিবক্তা আছিল ।

১৯৮৫ চনৰ ১৫ আগষ্টত টাইৱানৰ ৰাজধানী টাইপেত বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল এই অগ্ৰণী নেতাগৰাকীৰ । তেওঁৰ এই মৃত্যুৱে বিতৰ্কৰো সৃষ্টি কৰিছিল । ২০১৭ চনত আৰ টি আইৰ দ্বাৰা কেন্দ্ৰ চৰকাৰে বিমান দুৰ্ঘটনাত তেওঁৰ মৃত্যু হোৱা বুলি স্পষ্ট কৰিছিল ।

লগতে পঢ়ক:কৃষক বিদ্ৰোহঃ উত্তৰ প্ৰদেশৰ চান্দৌলীত আৰক্ষীৰে হতাহতি ক্ষুদ্ধ কৃষকৰ

ABOUT THE AUTHOR

...view details