অসম

assam

ETV Bharat / bharat

Ashwini Vaishnaw visits Balasore Bahanaga : বাহানাগাৰ উন্নয়নৰ বাবে ২ কোটিৰ সাহায্য ঘোষণা ৰে'ল মন্ত্ৰীৰ - 2 crore assistance for development of Bahanaga

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বালাছোৰৰ বাহানাগা ভ্ৰমণ কৰে । বাহানাগাৰ উন্নয়নৰ বাবে ২ কোটি টকাৰ সাহায্য ঘোষণা । বাহানাগা অঞ্চলৰ উন্নয়নৰ বাবে সাংসদ পুঁজিৰ পৰা ১ কোটি টকা প্ৰদান কৰিব । আনহাতে, বাহানাগা চিকিৎসালয় উন্নয়নৰ বাবে ৰে'লৱে পুঁজিৰ পৰা ১ কোটি টকা আগবঢ়াব ।

Ashwini Vaishnaw visits Balasore Bahanaga
Ashwini Vaishnaw visits Balasore Bahanaga

By

Published : Jun 20, 2023, 7:04 PM IST

নিউজ ডেস্ক, ২০ জুন : কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মঙলবাৰে ওড়িশাৰ বালাছোৰৰ বাহানাগা ভ্ৰমণ কৰে । উল্লেখ্য, এই বাহানাগাতে সংঘটিত হৈছিল দেশৰ ইতিহাসৰ অন্যতম ৰে'ল দুৰ্ঘটনাটো । তেওঁ বাহানাগা ৰে'ল ষ্টেচন তথা অঞ্চলটো পৰিদৰ্শন কৰি বাহানাগাৰ উন্নয়নৰ বাবে ২ কোটি টকাৰ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে ।

আনহাতে, বাহানাগা অঞ্চলৰ উন্নয়নৰ বাবে তেওঁৰ সাংসদ উন্নয়ন পুঁজিৰ পৰা ১ কোটি টকা প্ৰদান কৰিব । লগতে বাহানাগা চিকিৎসালয় উন্নয়নৰ বাবেও ৰে'লৱে পুঁজিৰ পৰা ১ কোটি টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে । "মই বাহানাগা বজাৰত চলি থকা সকলো ধৰণৰ পুনৰ নিৰ্মাণৰ কাম পৰ্যালোচনা কৰোঁ । বাহানাগাৰ স্থানীয় লোকসকলৰ সৈতেও আলোচনাত মিলিত হওঁ । স্থানীয় লোকসকলে জনোৱা অনুৰোধ শীঘ্ৰেই পূৰণ কৰা হ'ব ।" ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় ।

"মই বাহানাগা বজাৰলৈ আহিছোঁ ইয়াত চলি থকা উন্নয়নমূলক কামবোৰ তদাৰক কৰিবলৈ । অঞ্চলটোৰ বাবে কি কৰিব পাৰি সেই বিষয়ে স্থানীয় লোকসকলৰ সৈতে আলোচনা কৰিছোঁ । ঘটনাটোৰ সময়ত তেওঁলোকে চলোৱা প্ৰচেষ্টাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ । বাহানাগা গাঁও আৰু চিকিৎসালয়ৰ উন্নয়নমূলক কামৰ বাবে ২ কোটি টকা আবণ্টন কৰা হৈছে । ঘটনাটোৰ তদন্ত চলি আছে । এটা স্বতন্ত্ৰভাৱে তদন্ত চলি আছে ।" ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে লগতে কয় ।

উল্লেখ্য যোৱা ২ জুনত সংঘটিত হৈছিল ওড়িশাৰ বালাছোৰৰ ওচৰৰ বাহানাগাত তিনিখনকৈ ৰে'লৰ ভয়ংকৰ দুৰ্ঘটনাটো । উক্ত দুৰ্ঘটনাত ২৯২ জন যাত্ৰী নিহত হোৱাৰ লগতে আন ১১০০ লোক আহত হয় । উক্ত ৰে'ল দুৰ্ঘটনাৰ বৰ্তমান চিবিআই তদন্ত চলি আছে । উক্ত দুৰ্ঘটনাৰ তদন্ত চলাই থকা চিবিআইৰ দলে ১৯ জুনত বালাছোৰৰ পৰা উভতি যায় ।

আন এক ঘটনাক্ৰমত বালাছোৰৰ ৰে'লৱেৰ এগৰাকী কনিষ্ঠ অভিযন্তাৰ ভাড়াঘৰত চিবিআয়ে অভিযান চলায় । কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ'ৱো মঙলবাৰে ৰে'লৱেৰ কনিষ্ঠ অভিযন্তা আমিৰ খানক চোৰোত থকা তেওঁৰ ভাড়াঘৰলৈ লৈ যায় আৰু বালাছোৰৰ ৰে'ল দুৰ্ঘটনা সন্দৰ্ভত তদন্ত চলায় । উল্লেখ্য, অভিযন্তাগৰাকীৰ ভাড়াঘৰটো সোমবাৰে চিবিআয়ে ছীল কৰিছিল ।

পাছত মঙলবাৰে অভিযন্তাজনক তেওঁ ভাড়াঘৰলৈ লৈ যায় আৰু জেৰা আৰম্ভ কৰে । কনিষ্ঠ অভিযন্তা আমিৰ খানৰ উপস্থিতিত চিবিআইৰ এটা ৬ জনীয়া দলে তেওঁৰ ভাড়াঘৰটো খুলি তদন্ত আৰম্ভ কৰে । সূত্ৰ মতে, ২ জুনত সংঘটিত বাহানাগা ৰে'ল দুৰ্ঘটনাৰ পাছৰে পৰা কনিষ্ঠ অভিযন্তাজন আৰু তেওঁৰ পৰিয়ালৰ লোকসকল ভাড়াঘৰৰ পৰা পলায়ন সন্ধানহীন হৈ আছিল । অৱশ্যে দক্ষিণ-পূব ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া আদিত্য কুমাৰ চৌধুৰীয়ে এই বাতৰি অস্বীকাৰ কৰি স্পষ্ট কৰে যে সকলো কৰ্মচাৰীয়ে উপস্থিত আছে আৰু অনুসন্ধানত সহযোগিতা কৰিছে ।

লগতে পঢ়ক :Balasore train tragedy : কনিষ্ঠ অভিযন্তাৰ ভাড়াঘৰত চিবিআইৰ দল

ABOUT THE AUTHOR

...view details