নেশ্যনেল ডেস্ক, 18 ফেব্ৰুৱাৰী: কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখনকৈ বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে কৃষক সংগঠনৰ "ৰে’ল ৰোকো" কাৰ্যসূচীৰ আহ্বানৰ প্ৰতি দৃষ্টি ৰাখি বৃহস্পতিবাৰে ৰে'ল বিভাগে সমগ্ৰ দেশত ৰে'লৱে সুৰক্ষা বিশেষ বাহিনী (আৰপিএছএফ) ৰ 20 টা অতিৰিক্ত কোম্পানী মোতায়েন কৰিছে ৷ বিষয়টোক লৈ চলি থকা প্ৰতিবাদৰ মাজত ৰে'ল বিভাগে মুখ্যতঃ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৷
সম্যুক্ত কিষাণ মৰ্চাই যোৱা সপ্তাহতে এই কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি ঘোষণা কৰিছিল ৷ কৃষি আইনৰ বিৰোধিতাৰে বৃহস্পতিবাৰৰ দিনটোত দুপৰীয়া 12 বজাৰ পৰা আবেলি 4 বজালৈ ৰে'ল অৱৰোধ কৰিব কৃষক সংগঠনটোৱে ৷
ৰে’লৱে সুৰক্ষা বাহিনীৰ সঞ্চালক অৰুণ কুমাৰে ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, "কৃষক সকলে কোন কোন অঞ্চলত প্ৰতিবাদ কৰিব পাৰে, সেই ঠাই সমূহ আমি চিনাক্ত কৰিছো ৷ তাত অতিৰিক্ত সুৰক্ষা বাহিনী মোতায়েন কৰিছো । আইন-শৃংখলা বৰ্তাই ৰখাৰ বাবে আমি ৰাজ্য আৰু জিলা প্ৰশাসনৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছো" ৷