আগৰতলা, ৯ জানুৱাৰী :ত্ৰিপুৰা আৰু মণিপুৰৰ ৰাইজৰ বাবে আন এক ভাল খবৰ । পোন প্ৰথমবাৰৰ বাবে দুয়োখন ৰাজ্যৰ মাজত আৰম্ভ হ'ল যাত্ৰীবাহী ৰে’ল সেৱা । শনিবাৰে প্ৰথমখন জনশতাব্দী এক্সপ্ৰেছ মুকলি কৰে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে (Railway minister flags off Jan Shatabdi Express)।
ৰে’লখন আগৰতলাৰ বধৰঘাট ৰে’ল ষ্টেচন আৰু মণিপুৰৰ জিৰিবাম ৰে’ল ষ্টেচনৰ মাজত সপ্তাহত তিনিবাৰকৈ চলাচল কৰিব (Jan Shatabdi express between Tripura and Manipur)। ৰে'লখন আগৰতলাৰ পৰা জিৰিবাম পাবলৈ ছয় ঘণ্টা সময়ৰ প্ৰয়োজন হ’ব । আগৰতলা আৰু জিৰিবামৰ মাজত থাকিব পাঁচটা ষ্টপেজ । ষ্টপেজকেইটা হৈছে ক্ৰমে আম্বাচা, ধৰ্মনগৰ, নিউ কৰিমগঞ্জ, বদৰপুৰ আৰু নিউ অৰুণাচল ষ্টেচন ।
প্ৰথমখন ৰে'ল মুকলি কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই এক্সপ্ৰেছে কেৱল দুয়োখন ৰাজ্যক সংযোগ কৰাই নহয়, দুয়োখন ৰাজ্যৰ মাজত বছৰ বছৰ ধৰি চলি অহা সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাত সহায় কৰিব । তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰে পৰা উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ দেশত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে ।