নেশ্যনেল ডেস্ক,২৪ অক্টোবৰ :ৰে'লৱে কৰ্মচাৰীৰ বাবে সুখবৰ । ৪৬ শতাংশলৈ বৃদ্ধি হ'ব ৰে'লৱে কৰ্মচাৰীৰ মৰগীয়া বানচ । ৰে'লৱে ব'ৰ্ডে কৰ্মচাৰীসকলৰ বাবে মৰগীয়া বানচ ২০২৩ৰ ১ জুলাইৰ পৰা ৪৬ শতাংশলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে । মৰগীয়া বানচ মূল দৰমহাৰ শতাংশ হিচাপে পৰিশোধ কৰা হ'ব । কেন্দ্ৰীয় কেবিনেটে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধিৰ অনুমোদন দিয়াৰ ঠিক পাছতে ৰে'লৱে বৰ্ডে এই ঘোষণা কৰিছে ।
এই সন্দৰ্ভত ৰে'লৱে ব'ৰ্ডৰ জেনেৰেল মেনেজাৰ আৰু সৰ্বভাৰতীয় ৰে'লৱে আৰু উৎপাদন গোটৰ মুখ্য প্ৰশাসনিক বিষয়ালৈ এক পত্ৰ প্ৰেৰণ কৰা হৈছে । এই বৃদ্ধিৰ পাছত কৰ্মচাৰীসকলে তেওঁলোকৰ আহিবলগীয়া দৰমহাত জুলাইৰ পৰা বকেয়া ধনৰ সৈতে বৰ্ধিত মৰগীয়া বানচ লাভ কৰিব ।
ৰে'লৱে ব'ৰ্ডে জাৰি কৰা বিজ্ঞপ্তিখনত কোৱা হৈছে যে ৰে'ল কৰ্মচাৰীসকলক পৰিশোধ কৰিবলগীয়া মৰগীয়া বানচ ১ জুলাইৰ পৰা বেছিক দৰমহাৰ ৪২ শতাংশৰ পৰা ৪৬ শতাংশলৈ বৃদ্ধি কৰা হ'ব । ৰে'লৱে ইউনিয়নসমূহে উৎসৱৰ বতৰত চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে । বিজ্ঞপ্তিখনত বেছিক বা মূল দৰমহাক চৰকাৰে গ্ৰহণ কৰা সপ্তম চিপিচি (কেন্দ্ৰীয় দৰমহা আয়োগ)ৰ পৰামৰ্শ অনুসৰি লোৱা দৰমহা বুলি বৰ্ণনা কৰা হৈছে ।
ৰে'ল কৰ্মচাৰী সংঘৰ নেতাসকলে কয় যে উপভোক্তা মূল্য সূচকৰ (চিপিআই) ওপৰত আধাৰিত কৰি বৃদ্ধি কৰা ডিএ-ৰ উদ্দেশ্য হৈছে কৰ্মচাৰীসকলক মুদ্ৰাস্ফীতি আৰু মূল্যবৃদ্ধিৰ পৰা সকাহ দিয়া । ইফালে এই ঘোষণাৰ পাছতে দেশৰ লাখ লাখ ৰে'ল কৰ্মচাৰীৰ মুখত হাঁহি বিৰিঙিছে ।
লগতে পঢ়ক :Jaishankar Message to Canada : ভাৰতৰ বিষয়ে কিবা কোৱাৰ পূৰ্বে সাৱধান হ'ব; জয়শংকৰৰ কানাডালৈ বাৰ্তা