নিউজ ডেস্ক, 18 অক্টোবৰ :সংযুক্ত কিষাণ মৰ্চাৰ দ্বাৰা সোমবাৰে গ্ৰহণ কৰা ‘ৰেল ৰোকো’ কাৰ্যসূচীৰ ফলত সমগ্ৰ দেশতে ৰে’ল চলাচল ব্যাহত হোৱাৰ সমান্তৰালকৈ উত্তৰ-পূৰ্বাঞ্চলত ৰে’লৰ চলাচলত পৰা নাই ইয়াৰ কোনো প্ৰভাৱ ৷ ৰে’ল ৰোকো কাৰ্যসূচীৰ ফলত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ অধীনত থকা অঞ্চলসমূহত ৰে’লৰ চলাচল ব্যাহত নোহোৱাৰ কথা সদৰী কৰিছে NF ৰে’লৱেৰ এগৰাকী মুখপাত্ৰই ৷
তেওঁ কয় যে, "নিউ কোচবিহাৰ আৰু শালবাৰী ৰে’ল ষ্টেচনত দুপৰীয়া 12 বজাৰ পৰা 1 বজাৰ ভিতৰত ৰে’লৰ চলাচল কিছু ব্যাহত হৈছে ৷ কিন্তু এই দুটা ষ্টেচনৰ বাহিৰে অঞ্চলটোৰ কোনো ঠাইতে প্ৰতিবাদৰ প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা নাই ৷" ইয়াৰ উপৰিও ৰে’লৰ সময়সূচীতো কোনো সালসলনি হোৱা নাই ৷ অহা-যোৱা কৰা প্ৰতিখন ৰে’ল সঠিক সময়তেই আছে ৷
সোমবাৰে সংযুক্ত কিষাণ মৰ্চাৰ দ্বাৰা আহ্বান কৰা 6 ঘন্টীয়া ৰে’ল ৰোকো কাৰ্যসূচীৰ ফলত দেশৰ প্ৰায়সমূহ অঞ্চলতে ৰে’ল চলাচল ব্যাহত হৈ পৰিছে ৷ পঞ্জাৱ আৰু হাৰিয়ানাৰ প্ৰায় সকলোবোৰ ৰে’লপথেই কৃষকসকলে বন্ধ কৰি ৰাখিছে যাৰ বাবে ৰে’লৰ চলাচলত প্ৰভাৱ পৰিছে ৷
দুয়োখন ৰাজ্যতে ৰে’ল সেৱা ব্যাহত হৈছে ৷ কিন্তু এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত কোনো অনাকাংক্ষিত ঘটনাৰ তথ্য পোহৰলৈ অহা নাই ৷