নেশ্যনেল ডেস্ক,23 মে’:দুবাৰৰ অলিম্পিক পদক বিজয়ী মল্লযোদ্ধা সুশীল কুমাৰক ছত্ৰশাল ষ্টেডিয়ামত হোৱা কাজিয়াৰ সন্দৰ্ভত পঞ্জাৱত গ্ৰেপ্তাৰ কৰা হৈছে ৷ উক্ত কাজিয়াৰ চূড়ান্ত পৰিণতি হিচাপে এজন মল্লযোদ্ধা সাগৰ ৰাণাৰ মৃত্যু হৈছিল ৷ ছত্ৰচল ষ্টেডিয়ামত ২৩ বছৰীয়া সাগৰ ৰাণাৰ হত্যা সম্পৰ্কীয় গোচৰত সুশীল কুমাৰ আৰু অজয় কুমাৰৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল ৷
সহকাৰী আৰক্ষী আয়ুক্ত আট্টাৰ সিঙৰ তত্বাৱধানত আৰক্ষী বিষয়াদ্বয় ক্ৰমে শিৱকুমাৰ, কৰমবীৰৰ নেতৃত্বত গঠিত বিশেষ কোষৰ এটা দলে দিল্লীৰ মুণ্ডকা অঞ্চলৰ পৰা দেওবাৰে সুশীল কুমাৰ আৰু অজয়ক গ্ৰেপ্তাৰ কৰে ৷ কুমাৰক শনিবাৰে পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷