অসম

assam

ETV Bharat / bharat

Rahul truck ride in US : ভাৰতীয় মূলৰ ট্ৰাক চালকৰ সৈতে আমেৰিকাত ভ্ৰমণ ৰাহুল গান্ধীৰ - Rahul Gandhi US visit

আমেৰিকাত ভাৰতীয় মূলৰ ট্ৰাক চালকৰ সৈতে দেখা গ'ল ৰাহুল গান্ধীক । ৱাশ্বিংটন ডিচিৰ পৰা নিউয়ৰ্কলৈ চালক তালজিন্দৰ সিং বিকি গিল আৰু তেওঁৰ সংগী ৰণজিৎ সিং বানিপালৰ লগতে একেলগে যাত্ৰা কৰিলে ৰাহুল গান্ধীয়ে । আমেৰিকাৰ ট্ৰাক উদ্যোগৰ পৰা শিকিবলগীয়া বহু আছে ভাৰতে ।

Rahul truck ride in US
ভাৰতীয় মূলৰ ট্ৰাক চালকৰ সৈতে আমেৰিকাত ভ্ৰমণ ৰাহুল গান্ধীৰ

By

Published : Jun 13, 2023, 5:31 PM IST

নেশ্যনেল ডেস্ক,১৩ জুন :এইবাৰ আমেৰিকাত ট্ৰাকত উঠিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শেহতীয়াকৈ এখন ট্ৰাকত উঠি ৱাশ্বিংটনৰ পৰা নিউয়ৰ্কলৈ ভ্ৰমণ কৰে । ভাৰতীয়মূলৰ ট্ৰাক চালকজনৰ সৈতে বিভিন্ন বিষয়কলৈ বাৰ্তালাপো কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । দীৰ্ঘদিন ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয়মূলৰ লোকজন ট্ৰাক চালক হিচাপে আছিল ।

উল্লেখ্য যে কিছুদিন পূৰ্বে দিল্লীৰ পৰা চণ্ডিগড়লৈ ট্ৰাকত উঠি যাত্ৰা কৰিছিল ৰাহুল গান্ধীয়ে । ইয়াৰ পাছত আমেৰিকাত ট্ৰাকত এনেদৰে ৰাহুল গান্ধীয়ে যাত্ৰা কৰাৰ লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ভাৰতৰ লগতে বিদেশৰো লোকসকলৰ মন্তব্য জনাৰ বাবে কংগ্ৰেছ নেতাগৰাকীয়ে আমেৰিকা ভ্ৰমণ কৰিছে । তাৰ অংশ স্বৰূপে কংগ্ৰেছ নেতাগৰাকীয়ে ৱাশ্বিংটন ডিচিৰ পৰা নিউয়ৰ্কলৈ চালক তালজিন্দৰ সিং বিকি গিল আৰু তেওঁৰ সংগী ৰণজিৎ সিং বানিপালৰ সৈতে ১৯০ কিলোমিটাৰ ট্ৰাকেৰে যাত্ৰা কৰিছে । কংগ্ৰেছে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে কংগ্ৰেছ নেতাগৰাকীয়ে যাত্ৰাৰ অন্তত ট্ৰাক চালকৰ সৈতে এটা ভোজনালয়ত জলপান গ্ৰহণ কৰে ।

যাত্ৰাৰ অভিজ্ঞতা প্ৰকাশ কৰি ৰাহুল গান্ধীয়ে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰত ট্ৰাকবোৰ চালকজনৰ সুৰক্ষা আৰু আৰামৰ কথা মনত ৰাখি ডিজাইন কৰা হৈছে । যিটো সচৰাচৰ ভাৰতত কৰা নহয় ।

যাত্ৰাৰ সময়ত ট্ৰাক চালক আৰু ৰাহুল গান্ধীয়ে বিভিন্ন বিষয়ত বাৰ্তালাপ কৰে । ৰাহুল গান্ধীয়ে উল্লেখ কৰা মতে ভাৰতত ট্ৰাক চালকসকলে সামান্য মজুৰি আৰু মূল্য বৃদ্ধিৰ সৈতে জীৱন নিৰ্বাহ কৰিবলৈ সংগ্ৰাম কৰে তাৰ বিপৰীতে আমেৰিকান ট্ৰাক চালকসকলে উপযুক্ত মজুৰিৰ সৈতে তেওঁলোকৰ শ্ৰমৰ বাবে মৰ্যাদা লাভ কৰে । ভাৰতত সামগ্ৰীৰ বৰ্ধিত মূল্যবৃ্দ্ধি আৰু ৰাজনীতি সম্পৰ্কে ট্ৰাক চালক গিলৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত গান্ধীয়ে উল্লেখ কৰে যে কোনো ধৰ্মই ঘৃণা বিয়পাবলৈ নিশিকায় ।

যাত্ৰা পথত ৰাহুল গান্ধী আৰু ট্ৰাক চালকে সিদ্ধু মুছেৱালাৰ গীত শুনিছিল । কংগ্ৰেছৰ বিবৃতিত কোৱা হৈছে যে ভাৰতত ট্ৰাক উদ্যোগৰ বাবে এক নতুন দৃষ্টিভংগীৰ পৰিকল্পনা কৰিবলৈ আমেৰিকান ট্ৰাক উদ্যোগৰ পৰা বহুতো শিক্ষা ল'ব লগা আছে । ভাৰতৰ ট্ৰাক চালকসকল 'ভাৰত জোড়ো' যাত্ৰাৰ অংশ আছিল আৰু তেওঁলোকৰ প্ৰগতিয়ে ভাৰতৰ সমগ্ৰ অৰ্থনীতিৰ ওপৰত এক ইতিবাচক প্ৰভাৱ পেলাব বুলিও বিবৃতিত কোৱা হৈছে ।

লগতে পঢ়ক :USISPF chief on India US relation : ভাৰত আৰু আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্ক জনসাধাৰণৰ বাবে লাভজনক

ABOUT THE AUTHOR

...view details