অসম

assam

ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ নিষ্ঠুৰতা দেখি দুখ লাগিছে: ৰাহুল গান্ধী - প্ৰধানমন্ত্ৰী মোদী

Rahul Reaction on Vinesh returning Award: মল্লযুঁজাৰু বিনেশ ফোগাটে খেলৰত্ন আৰু অৰ্জুন বঁটা কৰ্তব্য পথত এৰি থৈ যোৱাৰ পাচতে প্ৰধানমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰে ৰাহুল গান্ধীয়ে ৷ ‘‘দেশৰ প্ৰতিগৰাকী কন্যাৰ বাবে আত্মসন্মান প্ৰথম ৷ তাৰ পাছত আন যিকোনো পদক বা সন্মান আহে ৷’’

rahul reaction on vinesh returning award
প্ৰধানমন্ত্ৰীৰ নিষ্ঠুৰতা দেখি দুখ লাগিছে

By PTI

Published : Dec 31, 2023, 1:44 PM IST

নিউজ ডেস্ক, 31 ডিচেম্বৰ :শনিবাৰে নতুন দিল্লীৰ কৰ্তব্য পথত তাৰকা মল্লযুঁজাৰু বিনেশ ফোগাটে খেলৰত্ন আৰু অৰ্জুন বঁটা এৰি থৈ যোৱাৰ পাচতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ডব্লিউ এফ আইৰ প্ৰাক্তন সভাপতি ব্ৰজ ভূষণ চৰণ সিঙৰ ঘনিষ্ঠ সহযোগী সঞ্জয় সিঙক মল্লযুঁজ সংস্থাটোৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ প্ৰতিবাদস্বৰূপে এই সন্মানীয় বঁটা ঘূৰাই দিয়াৰ কথা ঘোষণা কৰিছিল খেলুৱৈগৰাকীয়ে ৷

মল্লযুদ্ধা ফোগাটে গ্ৰহণ কৰা পদক্ষেপৰ পাচতে প্ৰধানমন্ত্ৰী মোদীক সমালোচনাৰে থকা-সৰকা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ সামাজিক মাধ্যম xত ফোগাটেৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি গান্ধীয়ে কয়, "দেশৰ প্ৰতিগৰাকী কন্যাৰ বাবে আত্মসন্মান প্ৰথম ৷ তাৰ পাছতহে আন যিকোনো পদক বা সন্মান আহে । প্ৰধানমন্ত্ৰী হৈছে ৰাষ্ট্ৰৰ অভিভাৱক ৷ তেওঁৰ ফালৰ পৰা এনে নিষ্ঠুৰতা দেখি দুখ লাগে ৷’’

মঙলবাৰে, ফোগাটে তেওঁৰ খেল ৰত্ন আৰু অৰ্জুন বঁটা চৰকাৰলৈ ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছিল ৷ তেওঁ কৈছিল যে, যেতিয়া মল্লযোদ্ধাসকলে ন্যায়ৰ বাবে আন্দোলন কৰিব লগা হৈছে তেনেস্থলত এনে সন্মান এনে সময়ত অৰ্থহীন হৈ পৰিছে ৷

ফোগাটে শনিবাৰে তেওঁৰ পুৰস্কাৰ ঘূৰাই দিবলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ চেষ্টা কৰিছিল কিন্তু আৰক্ষীয়ে তেওঁক পি এম অ'ত উপস্থিত হোৱাত বাধা দিছিল । প্ৰতিবাদ হিচাপে, তেওঁ কৰ্তব্য পথত বঁটাবোৰ এৰি দিছিল আৰু পিছত দিল্লী আৰক্ষীয়ে তুলি লৈ গৈছিল ।

ইতিমধ্য সাক্ষী মালিকেও কুস্তিৰ পৰা অৱসৰ ঘোষণা কৰিছে। অৱশ্যে, মল্লযুদ্ধৰ প্ৰতিবাদৰ বাবে ক্ৰীড়া মন্ত্ৰালয়ে কঠোৰ পদক্ষেপৰ গ্ৰহণ কৰিব লগা হৈছিল ৷ নৱনিৰ্বাচিত পেনেলক নিলম্বন কৰি ভাৰতীয় অলিম্পিক সংস্থাক ক্ৰীড়া সংস্থাৰ কাম-কাজ পৰিচালনা কৰা বাধা আৰোপ কৰিছিল মন্ত্ৰালয়ে ৷

লগতে পঢ়ক :কৰ্তব্য পথত খেলৰত্ন আৰু অৰ্জুন বঁটা ঘূৰালে বিনেশ ফোগাটে

ABOUT THE AUTHOR

...view details