নেশ্যনেল ডেস্ক,১৮ অক্টোবৰ :অহা ৩০ নৱেম্বৰত তেলেংগানাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ প্ৰাকক্ষণত শাসকীয় বিআৰএছ দলৰ লগতে বিজেপি আৰু কংগ্ৰেছকে ধৰি বাকী দলবোৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে । কংগ্ৰেছ দলে এইবাৰ তেলেংগানাত চৰকাৰ গঠনৰ ক্ষেত্ৰত ব্যাপক জোৰ দিছে । তাৰ অংশস্বৰূপে বুধবাৰে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই । বাছ যাত্ৰাৰ জৰিয়তে তেলেংগানাত বিধানসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰচাৰ অভিযানৰো শুভাৰম্ভ কৰিব । কংগ্ৰেছ দলৰ দুয়োগৰাকী নেতা বিয়লি ৩:৩০ বজাত এক বিশেষ বিমানেৰে বেগমপেট বিমানবন্দৰত উপস্থিত হ'ব । তাৰ পাছত তেওঁলোক হেলিকপ্টাৰেৰে ৰামাপ্পা মন্দিৰলৈ ৰাওনা হ'ব ।
মন্দিৰত সেৱা জনোৱাৰ পাছত দুয়োগৰাকীয়ে বাছেৰে যাত্ৰা আৰম্ভ কৰিব আৰু পাছত এক ৰেলী সম্বোধন কৰিব । দলীয় সূত্ৰৰ মতে এই সময়ছোৱাত তেওঁলোকে মহিলাসকলৰ সৈতেও বাৰ্তালাপ কৰিব । ৰেলীৰ পাছত প্ৰিয়ংকা গান্ধী নতুন দিল্লীলৈ উভতি অহাৰ কথা আছে আনহাতে ৰাহুল গান্ধীয়ে প্ৰচাৰ অব্যাহত ৰাখিব । চিতাক্কা বুলিও জনাজাত মুলুগুৰ কংগ্ৰেছ বিধায়ক আনচাৰী অনসুয়াই সংবাদ মাধ্যমক জনোৱা মতে ৰাহুল গান্ধী নিশা ভূপালপল্লীত থাকিব ।