অসম

assam

ETV Bharat / bharat

৭৮ সংখ্যক জন্ম জয়ন্তীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক স্মৰণ - Talkatora Stadium

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত কংগ্ৰেছ নেতা ৰাজীৱ গান্ধীৰ ৭৮ সংখ্যক জন্ম জয়ন্তীৰ দিনটোত পৰিয়ালৰ লগতে কংগ্ৰেছ দলে শ্ৰদ্ধাৰে তেওঁক স্মৰণ কৰে(Rajiv gandhi birth anniversary) ৷ প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ জন্ম বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি টকটোৰা ষ্টেডিয়ামত প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ কৰ্মৰাজি সন্দৰ্ভত এক আলোকপাত কাৰ্যসূচীৰ আয়োজন কৰিছে ভাৰতীয় যুৱ কংগ্ৰেছে(Talkatora Stadium) ।

৭৮ সংখ্যক জন্ম জয়ন্তীত প্ৰয়াত কংগ্ৰেছ নেতা ৰাজীৱ গান্ধীক স্মৰণ
pay tributes to Rajiv Gandhi on 78th birth anniversary

By

Published : Aug 20, 2022, 1:04 PM IST

নেশ্যনেল ডেস্ক,20 আগষ্ট:শনিবাৰে প্ৰয়াত কংগ্ৰেছ নেতা, প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৭৮ সংখ্যক জন্ম জয়ন্তীৰ আয়োজন কৰা হয় নতুন দিল্লীৰ বীৰভূমিত(Rajiv gandhi birth anniversary) ৷ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই তেওঁলোকৰ প্ৰয়াত পিতৃৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বীৰভূমিত(Rahul Priyanka pay tributes to Rajiv Gandhi on 78th birth anniversary ) ৷ জন্ম জয়ন্তীত পিতৃক স্মৰণ কৰি এক টুইটযোগে যুৱ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পিতৃ প্ৰতি মুহুৰ্ততে তেওঁৰ অন্তৰত আছে আৰু পিতৃয়ে লালন-পালন কৰা জাতিটোৰ সৰ্বতোপ্ৰকাৰ উন্নয়ণৰ বাবে সদায়ে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি উল্লেখ কৰে(Rahul Gandhi tweets)৷

কংগ্ৰেছ দলটোৱে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক জন্ম বাৰ্ষিকীত স্মৰণ কৰি তেওঁক 'একবিংশ শতিকাৰ ভাৰতৰ স্থপতিবিদ' বুলি সম্বোধন কৰাৰ লগতে ভাৰতত প্ৰযুক্তি বিদ্যা আৰু দূৰ সংযোগৰ ক্ষেত্ৰত বিপ্লৱৰ সূচনা সম্ভৱ হৈছিল কেৱল ৰাজীৱ গান্ধীৰ বাবেহে বুলি টুইটটোত উল্লেখ কৰে ৷

ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাস বিভিয়ে শক্তিশালী আৰু আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তোলাৰ দিশত প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ ভূমিকা অনবদ্য বুলি কয় ৷ দেশবাসীয়ে বৰ্তমানেও প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টিভংগীৰ সুফল লাভ কৰি আছে বুলি এক টুইটযোগে উল্লেখ কৰে ৷

ভাৰতীয় যুৱ কংগ্ৰেছে ৰাজীৱ গান্ধীক “তথ্য প্ৰযুক্তি আৰু দূৰসংযোগ বিপ্লৱৰ পিতামহ”(Father of information technology and telecommunication revolution) বুলি অভিহিত কৰে ।

প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ জন্ম বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি টকটোৰা ষ্টেডিয়ামত প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ কৰ্মৰাজি সন্দৰ্ভত এক আলোকপাত কাৰ্যসূচীৰ আয়োজন কৰিছে ভাৰতীয় যুৱ কংগ্ৰেছে ।

লগতে পঢ়ক:মুখ্যমন্ত্রীৰ নেতৃত্বত অসমত 'extra judicial killing' আৰম্ভ হৈছে : ভূপেন বৰা

ABOUT THE AUTHOR

...view details