নিউজ ডেস্ক, ৩১ আগষ্ট :জ্যেষ্ঠ নেতা অৰবিন্দৰ সিং লাভলীক দিয়া হৈছে দিল্লী কংগ্ৰেছৰ দায়িত্ব । দলটোৰ ভিতৰচ'ৰাত কেইবাটাও বাক-বিকণ্ডা আৰু প্ৰবল চাপ অতিক্ৰম কৰি কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধী আৰু দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেয়ে অৱশেষত বৃহস্পতিবাৰে লাভলীক দিল্লী কংগ্ৰেছৰ মুৰব্বী হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লয় ।
উল্লেখ্য যে লাভলী হৈছে এগৰাকী শিখ নেতা । তেওঁ প্ৰাক্তন মন্ত্ৰী আৰু তিনিবাৰৰ মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ ঘনিষ্ঠ সহায়ক । তেওঁ দিল্লী কংগ্ৰেছত অনিল চৌধুৰীৰ স্থান ল'ব । লাভলীৰ এই নিযুক্তি কংগ্ৰেছৰ বাবে বিভিন্ন কাৰণত গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছে ।
দিল্লী কংগ্ৰেছৰ মুৰব্বী হোৱাৰ প্ৰতিদ্বন্দ্বিতাত লাভলীৰ প্ৰতিদ্বন্দ্বী আছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱেন্দ্ৰ যাদৱ । লাভলীয়ে এক কঠোৰ প্ৰতিদ্বন্দ্বিতাত দেৱেন্দ্ৰ যাদৱক পৰাজিত কৰে । উল্লেখ্য যে প্ৰাক্তন মন্ত্ৰীজনৰ নিযুক্তি এনে এটা দিনত আহিছে, যিটো দিনত মুম্বাইত ইণ্ডিয়া মিত্ৰজোঁটৰ তৃতীয়খন বৈঠক আৰম্ভ হৈছে ।
এইখিনিতে উল্লেখ কৰিব লাগিব যে দিল্লী আৰু পঞ্জাব কংগ্ৰেছৰ তীব্ৰ আপত্তি সত্ত্বেও কংগ্ৰেছ হাইকমাণ্ডে ২০২৪ চনৰ নিৰ্বাচনৰ বাবে আপৰ সৈতে মিত্ৰতাৰ সম্ভাৱনা অন্বেষণ কৰি আছে । আনহাতে, দিল্লী কংগ্ৰেছৰ বিদায়ী মুৰব্বী অনিল চৌধুৰী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ দল আপৰ শক্তিশালী সমালোচক আছিল ।