নেশ্যনেল ডেস্ক,২৯ জুন :যোৱা ৩ মে'ৰ পৰা মণিপুৰৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে । পৰিস্থিতি উন্নত হোৱা নাই যদিও চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে । ইয়াৰ মাজতে বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰত উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী । এই ভ্ৰমণকালত নেতাগৰাকীয়ে সাহায্য শিবিৰ পৰিদৰ্শন কৰিব আৰু তাত থকা ভুক্তভোগীসকলক সাক্ষাৎ কৰিব । নাগৰিক সমাজৰ লগতে বিভিন্ন সংগঠনৰ সৈতেও তেওঁ বাৰ্তালাপ কৰিব ।
এক দলীয় সূত্ৰই জনোৱা মতে ৩ মে'ত হিংসাত্মক পৰিস্থিতি আৰম্ভ হোৱাৰ পাছত এয়া কংগ্ৰেছ নেতাগৰাকীৰ প্ৰথমটো মণিপুৰ ভ্ৰমণ । ইম্ফলত উপস্থিত হোৱাৰ পাছতে ৰাহুল গান্ধীয়ে সংঘৰ্ষৰ কেন্দ্ৰ চুৰাচান্দপুৰ ভ্ৰমণ কৰিব । তাৰ পাছত তেওঁ বিষ্ণুপুৰ জিলাৰ মইৰাঙলৈ যাব আৰু ঘৰ এৰি পলায়ন কৰি শিবিৰত আশ্ৰয় লোৱাসকলৰ সৈতে বাৰ্তালাপ কৰিব ।
দলীয় সূত্ৰই জনোৱা মতে ৰাহুল গান্ধীয়ে শুকুৰবাৰে ইম্ফলৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰিব আৰু পাছত কিছুমান নাগৰিক সমাজ বা সংগঠনৰ সৈতে বাৰ্তালাপ কৰিব ।