নেশ্যনেল ডেস্ক,২৫ মাৰ্চ :কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে (Rahul Gandhi disqualify issue)। ইতিমধ্যে কংগ্ৰেছ দলে দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে । ইয়াৰ মাজতে ৰাহুল গান্ধীৰ ভগ্নী তথা নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ নেত্ৰীগৰাকী (Priyanka on Rahul Gandhi disqualify issue)।
প্ৰিয়ংকা গান্ধীৰ মতে মানুহৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে । ৰাহুল গান্ধীয়ে উত্থাপন কৰা প্ৰশ্নবোৰ এতিয়া সমগ্ৰ দেশতে গুঞ্জৰি উঠিব আৰু ইয়াৰ উত্তৰ দিব লাগিব বুলিও মোডী চৰকাৰক উভতি ধৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে । কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই শনিবাৰে কয় যে ৰাহুল গান্ধীক তেওঁৰ প্ৰশ্নবোৰৰ বাবে আক্ৰমণ কৰা হৈছে । যেতিয়া ৰাইজে নিৰ্বাচিত কৰা নেতাজনে ৰাইজৰ হৈ প্ৰশ্ন সুধিছে আদানীৰ সেৱকে সেই নেতাজনৰ কণ্ঠস্বৰ দমন কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছে (Priyanka Gandhi slams Modi govt)।
ইয়াৰ পূৰ্বেও প্ৰিয়ংকা গান্ধীয়ে শুকুৰবাৰে কেইবাটাও টুইটযোগে মোডী চৰকাৰক আক্ৰমণ কৰিছিল । প্ৰিয়ংকাই সেই টুইটত কৈছিল যে প্ৰধানমন্ত্ৰী মোডীৰ ভক্তই শ্বহীদ প্ৰধানমন্ত্ৰীৰ পুত্ৰক বিশ্বাসঘাতক মীৰ জাফৰ বুলি অভিহিত কৰিছে । মোডীৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰিছিল যে ৰাহুল গান্ধীৰ পিতৃ কোন ? তেওঁ কয় যে কাশ্মীৰী পণ্ডিতৰ ৰীতি-নীতি অনুসৰণ কৰি, এজন পুত্ৰই তেওঁৰ পিতৃৰ মৃত্যুৰ পাছত পাগুৰি পিন্ধে, তেওঁৰ পৰিয়ালৰ পৰম্পৰা বজাই ৰাখে । সদস্যৰে ভৰি থকা এখন সংসদত গোটেই পৰিয়াল আৰু কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ক অপমান কৰা হৈছিল আৰু সোধা হৈছিল যে তেওঁলোকে নেহৰুৰ নাম কিয় নলয় ।
তাৰ পাছতো কিন্তু কোনো ন্যায়াধীশে প্ৰধানমন্ত্ৰী মোডীক দুবছৰৰ শাস্তি দিয়া নাই বুলি প্ৰিয়ংকা গান্ধীয়ে উল্লেখ কৰে । আনকি প্ৰধানমন্ত্ৰীক সংসদৰ পৰা অযোগ্য ঘোষণা কৰাও হোৱা নাই (Priyanka Gandhi slams Modi)।