নিউজ ডেস্ক, ৯ আগষ্ট : সংসদ পদ ওভতাই পোৱাৰ পিছত সদনত উপস্থিত হোৱাৰ তৃতীয়দিনাই পুনৰ বিতৰ্কত সাঙোৰ খাই পৰিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী । কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি সাংসদ স্মৃতি ইৰাণীয়ে বুধবাৰে ৰাহুল গান্ধীৰ 'সংসদত ফ্লায়িং কিছ'ৰ ওপৰত আপত্তি জনাই কয় যে এনে 'অসন্মানজনক' আচৰণ সদনত আগতে কেতিয়াও দেখা পোৱা নাছিল ।
"মই কিবা এটাত আপত্তি জনাইছোঁ । মই যোৱাৰ আগতে অশালীনতা প্ৰদৰ্শন কৰাৰ কথা এটা ক'ব বিচাৰিছোঁ । এইটো হৈছে কেৱল এজন বিদ্বেষী পুৰুষেহে সংসদৰ মহিলা সদস্যসকল বহা আসনৰ ফালে ফ্লায়িং কিছ দিব পাৰে । এনে অসন্মানজনক আচৰণ দেশৰ সংসদত পূৰ্বতে কেতিয়াও দেখা পোৱা নাছিলোঁ ।" কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ বিৰুদ্ধে বক্তব্য ৰাখি ইৰাণীয়ে কয় ।
"ৰাহুল গান্ধীয়ে সংসদত আজি যি কৰিলে তাৰ দৰে পূৰ্বতে সংসদত এজন মানুহৰ বিদ্বেষমূলক আচৰণ কেতিয়াও দেখা পোৱা নাছিলোঁ । যেতিয়া সংসদৰ সদস্যসকলে অধিবেশনৰ সময়ত এজন পুৰুষৰ বিদ্বেষৰ সাক্ষী হয়, য'ত মহিলাৰ মৰ্যাদা সুৰক্ষিত কৰাৰ বাবে আইন প্ৰস্তুত কৰা হয়, মোৰ প্ৰশ্ন হৈছে তেওঁক এনে কামলৈ অনা উচিতনে ?" ইৰাণীয়ে লোকসভাৰ পৰা ওলাই অহাৰ পিছত এনেদৰে কয় ।