অসম

assam

ETV Bharat / bharat

Rahul Gandhi in JK: জম্মু-কাশ্মীৰত আঠ দিনৰ বাবে ভাৰত জোড়ো যাত্ৰাত থাকিব ৰাহুল গান্ধী - Bharat Jodo Yatra

২০২৩ চনৰ জানুৱাৰীৰ তৃতীয় সপ্তাহত জম্মু-কাশ্মীৰত ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধীয়ে । এই যাত্ৰাৰ বিষয়ে সদৰি কৰিছে জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটীয়ে (Bharat Jodo Yatra at JK)। উল্লেখ্য যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ নেতৃত্বত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা চলি আছে ।

Rahul Gandhi in JK
জানুৱাৰীত জম্মু-কাশ্মীৰত ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধী

By

Published : Dec 11, 2022, 12:11 PM IST

নেশ্য়নেল ডেস্ক,১১ডিচেম্বৰ : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰা অব্যাহত আছে (Congress Bharat Jodo Yatra)। জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে অহা ২০২৩ চনৰ জানুৱাৰীৰ তৃতীয় সপ্তাহত জম্মু-কাশ্মীৰত ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰিব (Rahul Gandhi will spend eight days in JK) । তেওঁ জম্মু আৰু কাশ্মীৰত আঠ দিন অতিবাহিত কৰিব । এতিয়ালৈকে তাৰিখ আৰু পথ চূড়ান্ত কৰা হোৱা নাই যদিও এই যাত্ৰা নিশ্চিত কৰা হৈছে । এই বিষয়ে সদৰি কৰিছে জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি বিকাৰ ৰছুল ৱানীয়ে (JK Pradesh Congress Committee)।

এক সংবাদমেলত জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৱানীৰ লগতে দলৰ জ্যেষ্ঠ নেতাসকলে ৰাহুল গান্ধীৰ এই ভ্ৰমণৰ বিষয়ে উল্লেখ কৰি কয় যে, ৰাষ্ট্ৰৰ হিতৰ বাবে তেওঁ এই যাত্ৰা কৰিছে বাবে ৰাইজে সঁহাৰি জনাইছে । জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৱানীয়ে কয় যে, ইয়াৰ পূৰ্বে তেওঁ জম্মু-কাশ্মীৰত যাত্ৰা সুচাৰুৰূপে সম্পন্ন কৰাৰ প্ৰস্তুতিৰ বাবে প্ৰাক্তন বিধায়ক আৰু মন্ত্ৰীসহ দলৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে কেইবাটাও বৈঠক অনুষ্ঠিত কৰিছে (Bharat Jodo Yatra)।

ইপিনে, দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সদস্য ৰজনী পাটিলে ৰাহুল গান্ধী নেতৃত্বাধীন ঐতিহাসিক যাত্ৰাই দেশত এক ভাল পৰিৱেশ সৃষ্টি কৰিছে বুলি দাবী কৰি কয় যে এই যাত্ৰাৰ ৰাজনীতিৰ সৈতে কোনো সম্পৰ্ক নাই (Bharat Jodo Yatra at JK) । দলটোৱে ইয়াৰ ৰাজনৈতিক লাভালাভৰ মূল্যাংকন কৰা নাই বুলিও তেওঁ কয় ।

ৰাহুল গান্ধীয়ে জম্মু-কাশ্মীৰত 'ভাৰত যোড়ো যাত্ৰা'ৰ সমাপ্তি পৰ্যায়ত আঠ দিন অতিবাহিত কৰিব বুলি উল্লেখ কৰি পাটিলে কয় যে, গান্ধীয়ে অহা মাহৰ তৃতীয় সপ্তাহত কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰৱেশ কৰিব বুলি আশা কৰা হৈছে । তেওঁ জনসাধাৰণৰ লগতে ৰাজনৈতিক, সামাজিক আৰু বেচৰকাৰী সংগঠনসমূহক ৰাজনীতিৰ উৰ্ধত আৰু ৰাষ্ট্ৰৰ হিতৰ বাবে হৃদয় একত্ৰিত কৰাৰ উদ্দেশ্যে কৰা যাত্ৰাত যোগদান কৰিবলৈ আহ্বান জনাইছে।

উল্লেখ্য যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ নেতৃত্বত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা চলি আছে । এই যাত্ৰা এদিনত ২১ কিলোমিটাৰকৈ কৰিছে । স্বাধীন ভাৰতৰ ইতিহাসত পদব্ৰজে কৰা এই যাত্ৰা প্ৰথম । ৰাহুল গান্ধীৰ লগত ১২০ গৰাকী কংগ্ৰেছৰ কৰ্মীও আছে এই যাত্ৰাত । ইয়াৰে ৩০ শতাংশ মহিলা । ১২ খন ৰাজ্যৰ মাজেৰে এই ভাৰত জোড়ো যাত্ৰা চলিছে । এই যাত্ৰা সম্পূৰ্ণ অৰাজনৈতিক যদিও বিজেপি চৰকাৰৰ (BJP Government) অপশাসন আৰু বিভেদৰ ৰাজনীতিৰ বিৰুদ্ধে কৰা হৈছে । অহা জানুৱাৰীৰ শেষত এই ভাৰত জোড়ো যাত্ৰা ৰাজস্থানত অন্ত পৰিব ।

লগতে পঢ়ক:Himachal New CM Sukhbindar Sing Sukhu: হিমাচল প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সুখৱিন্দৰ সিং সুখু

ABOUT THE AUTHOR

...view details