নেশ্যনেল ডেস্ক, 22 এপ্ৰিল:মানহানিৰ গোচৰত দোষী সাব্যস্ত হৈ সাংসদ পদ খাৰিজ হোৱাৰ পিচত অৱশেষত চৰকাৰী বাসগৃহ এৰিলে ৰাহুল গান্ধীয়ে (Rahul Gandhi vacates official bungalow) ৷ সূত্ৰ অনুসৰি, ইতিমধ্যে ৰাহুল গান্ধীয়ে তেওঁৰ চৰকাৰী বাসভৱনৰ পৰা 10 নং জনপথত থকা মাতৃ ছোনিয়া গান্ধীৰ বাসগৃহলৈ সামগ্ৰীসমূহ লৈ স্থানান্তৰিত হৈছে (Rahul Gandhi vacates official bungalow in Delhi)৷ এখন ট্ৰাকে তেওঁৰ সামগ্ৰীসমূহ লৈ ভৱনটোৰ পৰা ওলাই যোৱা পৰিলক্ষিত কৰিছিল ৰাহুলক ৷ প্ৰায় দুটা দশক ধৰি ৰাহুল গান্ধীয়ে চৰকাৰী বাংলোটোত বসবাস কৰি আহিছিল (a month after his disqualification as an MP )৷
কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে "মোডী উপাধি"ক লৈ কৰা এটা মন্তব্যৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিচতে তেওঁৰ সাংসদ পদ খাৰিজ কৰা হৈছিল (Tughlaq Lane bungalow ) ৷ তাৰ পিচতেই ২২ এপ্ৰিলৰ ভিতৰত ৰাহুল গান্ধীক বাস কৰা চৰকাৰী বাসগৃহটো খালী কৰিবলৈ আহ্বান জনোৱা হৈছিল (Tughlaq Lane bungalow in New Delhi )৷ গান্ধীয়ে প্ৰথমে ১৪ এপ্ৰিলত তেওঁৰ কাৰ্যালয় আৰু কিছু ব্যক্তিগত সামগ্ৰী বাংলোৰ পৰা স্থানান্তৰ কৰিছিল ৷ আজি অৰ্থাৎ শনিবাৰে ৰাহুল গান্ধীয়ে বাসগৃহটোৰ পৰা সকলো সা-সামগ্ৰী লৈ ছোনিয়া গান্ধীৰ বাসগৃহলৈ স্থানান্তৰিত হয় ৷
এই খবৰ প্ৰকাশ হোৱাৰ পিচতে টুইটাৰত ৰাহুল গান্ধীৰ সমৰ্থনত একাংশ সমৰ্থকে যুৱনেতা ৰাহুল গান্ধী কাৰোবাৰ বাবে তেওঁলোকৰ পুত্ৰ, কিছুলোকৰ ভাতৃ, কিছুলোকৰ বাবে নেতা বুলি টুইট কৰে (Rahul Gandhi disqualification as MP) ৷ ৰাহুল সকলোৰে আৰু সকলোৱেই ৰাহুলৰ । ৰাহুলজী, মোৰ ঘৰ-আপোনাৰ ঘৰ বুলি উল্লেখ কৰি কংগ্ৰেছৰ নেতা কৰ্মীসকলে #MeraGharAapkaGhar হেজটেগ ব্যৱহাৰ কৰি সামাজিক মাধ্যমত তোলপাৰ লগায় ৷
AICC ৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয়, "তেওঁলোকে আপোনাক এটা ঘৰৰ পৰা উলিয়াই পঠাব পাৰে, কিন্তু আমাৰ সকলোৰে ঘৰে ঘৰে, হৃদয়ত আপোনাৰ স্থান তেনেদৰেই থাকিব ৷ আপুনি জনসাধাৰণৰ হকে মাত মতা আৰু সত্যৰ পক্ষে থিয় দিয়াত পিচুৱাই নাহিব ৷"
কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই কয় যে, ৰাহুল গান্ধী পদটোৰ বিষয়ে বা চৰকাৰী গৃহৰ বিষয়ে আমি চিন্তিত নহয় । ইমানবোৰ বিপদে তেওঁৰ পথ ৰোধ কৰিবলৈ চেষ্টা কৰাৰ পিচতো, তেওঁ নিজৰ নীতিৰ সৈতে আপোচ কৰা নাছিল ।