নেশ্যনেল ডেস্ক,৩০ নৱেম্বৰ :তেলেংগানাত পুৱাৰে পৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । কটকটীয়া নিৰাপত্তাৰ মাজতে ৰাজ্যখনৰ ভোটকেন্দ্ৰসমূহত ভোটদান প্ৰক্ৰিয়া চলি আছে । তাৰ প্ৰাকক্ষণত ৰাহুল গান্ধীয়ে তেলেংগানাবাসীক বিধানসভাৰ নিৰ্বাচনত বৃহৎ সংখ্যাত ভোট দিবলৈ আহ্বান জনাইছে । এক্সৰ এটা পোষ্টত তেওঁ লিখিছে," আজি, প্ৰজালাই ডোৰালাক পৰাজিত কৰিব ! তেলেংগানাৰ ভাই-ভনীসকল, বাহিৰলৈ ওলাই আহক আৰু বৃহৎ সংখ্যাত ভোট দিয়ক ! 'বঙাৰু' তেলেংগানা নিৰ্মাণৰ বাবে ভোট দিয়ক, কংগ্ৰেছক ভোট দিয়ক ।"
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেও যুৱ ভোটাৰসকলক ভোটদানৰ বাবে আহ্বান জনাইছে । প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া ভোটাৰসকলকো এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে তেওঁ আহ্বান জনাইছে ।
তেওঁ এক্সৰ এটা পোষ্টৰ জৰিয়তে কৈছে যে তেলেংগানাবাসীয়ে সিদ্ধান্ত লৈছে যে তেওঁলোকে সুবিধাৰ পৰা বঞ্চিতসকলৰ বাবে এখন স্বচ্ছ, জন-অনুকূল চৰকাৰ বাছনি কৰিব । ইয়াক পৃথিৱীৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে বুলিও তেওঁ দাবী কৰিছে । যাৰ বাবে তেওঁ লোকসকলক বাহিৰলৈ ওলাই আহি বৃহৎ সংখ্যাত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ।