নেশ্যনেল ডেস্ক,২৬ মাৰ্চ :সলনি হ'ল ৰাহুল গান্ধীৰ টুইটাৰ বায়' । সংসদৰ পৰা অযোগ্য ঘোষণা কৰাৰ পাচতে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেওবাৰে তেওঁৰ টুইটাৰ বায়'ত অযোগ্য সাংসদ (Disqualified MP) বুলি আপডেট কৰিছে । ২৩ নিযুত ফ'ল'ৱাৰ্চ থকা আৰু ২৬৯ টা টুইটাৰ একাউণ্টক অনুসৰণ কৰা ৱায়ানাড়ৰ প্ৰাক্তন সাংসদগৰাকী মানহানিৰ গোচৰত আদালতত দোষী সাব্যস্ত হোৱাৰ বাবে সংসদৰ পৰা অযোগ্য ঘোষণা কৰাৰ দুদিন পাচত তেওঁ টুইটাৰ বায়' সলনি কৰে (Rahul Gandhi updates Twitter bio)।
ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বাবে কংগ্ৰেছ দলটোৰ বাবে এটা ডাঙৰ আঘাত হিচাপে দেখা দিছে (Rahul Gandhi disqualification issue)। আনহাতে এই পদক্ষেপক নৰেন্দ্ৰ মোডী চৰকাৰৰ ষড়যন্ত্ৰ বুলি কংগ্ৰেছে অভিযোগ কৰিছে । ৫২ বছৰীয়া কংগ্ৰেছ নেতাগৰাকী লণ্ডনত দিয়া এক ভাষণৰ পাচতে বিজেপিৰ আক্ৰমণৰ সন্মুখীন হৈছিল ।
বিজেপিয়ে তেওঁক ক্ষমা বিচাৰিবলৈ দাবী জনাইছে যদিও কংগ্ৰেছ নেতা লগতে দলটোৱে ইয়াক অস্বীকাৰ কৰিছে । ইফালে প্ৰধানমন্ত্ৰী মোডী আৰু আদানিৰ সম্পৰ্কক লৈও ৰাহুল গান্ধী আৰু কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰিছিল । যাক লৈ সংসদত হুলস্থূলীয়া পৰিৱেশৰো সৃষ্টি হৈছে । শাসক বিৰোধীৰ হুলস্থূলৰ বাবে সদন বাৰে বাৰে স্থগিত ৰাখিবলগীয়া হৈছে ।