অসম

assam

ETV Bharat / bharat

Rahul Gandhi travels abroad again : ৰাহুলৰ ভ্ৰমণক 'ব্যক্তিগত ভ্ৰমণ' আখ্যা কংগ্ৰেছৰ

বুধবাৰে পুৱাই পুনৰ বিদেশ ভ্ৰমণৰ বাবে ৰাওনা হ'ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi travels abroad again) । এই ভ্ৰমণসূচীক "ব্যক্তিগত ভ্ৰমণ" বুলিহে প্ৰকাশ কৰিলে কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰণদীপ সুৰজেৱালাই । অৱশ্যে এই ভ্ৰমণ সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে ।

By

Published : Dec 30, 2021, 12:13 PM IST

Rahul Gandhi travels abroad again
পুনৰ বিদেশ ভ্ৰমণ ৰাহুল গান্ধীৰ

নেশ্যনেল ডেস্ক, ৩০ ডিচেম্বৰ: নৱবৰ্ষৰ প্ৰাকক্ষণত বিদেশলৈ উৰা মাৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi travels abroad again) । পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ কেইমাহমান বাকী থকাৰ সময়তে পুনৰ বিদেশ যাত্ৰা কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে ।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰণদীপ সুৰজেৱালাই জনোৱা মতে, বুধবাৰে পুৱা ব্যক্তিগত ভ্ৰমণৰ বাবে ৰাহুল গান্ধী বিদেশলৈ ৰাওনা হৈছে (Rahul Gandhi on personal visit to abroad) । ভাৰতীয় জনতা পাৰ্টী আৰু একাংশ সংবাদকৰ্মীয়ে অপ্ৰয়োজনীয়ভাৱে উৰাবাতৰি বিয়পোৱা উচিত নহয় বুলিও বিজেপিক লক্ষ্য কৰি তীব্ৰ বাক্যবাণ নিক্ষেপ কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে ।

সুৰজেৱালাই ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণৰ বিষয়ে উল্লেখ কৰে যদিও এই সন্দৰ্ভত কোনো বিতং তথ্য প্ৰকাশৰ পৰা বিৰত থাকে ৷ শেহতীয়াকৈ সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বেও ৰাহুল গান্ধীয়ে প্ৰায় এমাহৰ বাবে বিদেশ ভ্ৰমণলৈ গৈ অধিৱেশন আৰম্ভ হোৱাৰ এদিন পূৰ্বে ভাৰতলৈ উভতি আহিছিল ।

উল্লেখ্য যে, যি সময়ত ৰাজনৈতিক দলসমূহে সমাগত উত্তৰ প্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই আছে, সেই সময়তে ৰাহুল গান্ধীয়ে বিদেশলৈ ঢাপলি মেলিছে ।

পঞ্জাৱত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ উদ্দেশ্যেৰে ২০২২ চনৰ ৩ জানুৱাৰীত ৰাজ্যখনৰ ম'গা জিলাত ৰাহুল গান্ধীয়ে এক দলীয় সভাত অংশ লোৱাৰ কথা আছিল । অৱশ্যে দলটোৱে এই সভা স্থগিত কৰাৰ সম্ভাৱনা আছে । এনে সিদ্ধান্তই দলটোৰ নিৰ্বাচনী প্ৰচাৰ অভিযান পলম কৰাৰ লগতে ৰাজ্যখনত দলটোৰ ভোট বেংকক প্ৰভাৱিত কৰিব পাৰে । লগতে ৰাজ্যখনত বৰ্তমান শাসনত থকা দলটোৰ ক্ষমতা বজাই ৰখাৰ ক্ষেত্ৰতো বিৰূপ প্ৰভাৱ পেলাব পাৰে ।

ভাৰতীয় জনতা পাৰ্টীয়েও প্ৰায় একে সময়তে ৰাজ্যখনত প্ৰচাৰ চলাবলৈ পৰিকল্পনা কৰি আছে । দলীয় সূত্ৰই প্ৰকাশ কৰা মতে, ৫ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যখনত বিজেপিৰ এখন সভাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ ইয়াৰ লগে লগে গেৰুৱা দলটোৱে পঞ্জাৱত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব । তিনিখন বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ পিছত পঞ্জাৱত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজহুৱা সভাত ভাগ ল'ব ।

বিজেপিয়ে পূৰ্বে ঘোষণা কৰিছিল যে, দলটোৱে কেপ্তেইন অমৰিন্দৰ সিঙৰ পঞ্জাৱ লোক কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা কৰি ৰাজ্যখনত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব । কংগ্ৰেছৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, ৰাহুল গান্ধী দেশলৈ উভতি নহালৈকে পঞ্জাৱত দলটোৱে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ নকৰে ।

ৰাহুলে শেহতীয়াকৈ গোৱা আৰু উত্তৰাখণ্ডত দলটোৰ হৈ প্ৰচাৰ চলাইছিল । ২০১৭ চনৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৭৭ খন আসন দখলেৰে ৰাজ্যখনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আৰু সুদীৰ্ঘ ১০ বছৰৰ পিছত এছএডি-বিজেপি চৰকাৰক উৎখাত কৰিছিল ।

উক্ত বৰ্ষতে আম আদমী পাৰ্টীয়ে পঞ্জাৱ বিধানসভা নিৰ্বাচনত ২০ খন আসন লাভ কৰি দ্বিতীয় সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰে আৰু শিৰোমণি আকালি দলে মাত্ৰ ১৫ খন আসনহে দখল কৰিবলৈ সক্ষম হয় । আনহাতে, বিজেপিয়ে মাত্ৰ ৩ খন আসন লাভ কৰি সন্তুষ্ট থাকিবলগীয়া হয় । এইবাৰ পুনৰ ৰাজ্যখনৰ নিৰ্বাচনৰ বাবে ৰণনীতি যুগুত কৰিছে দলসমূহে । কিন্তু এনে সময়ত ৰাহুল গান্ধীয়ে বিদেশ ভ্ৰমণ কৰাৰ লৈ বিৰোধীয়ে সমালোচনা কৰিছে ।

লগতে পঢ়ক: Increases Omicron cases in Delhi : ৰাজধানী দিল্লীত "য়েল্ল’ এলাৰ্ট" ঘোষণা

ABOUT THE AUTHOR

...view details