নেশ্যনেল ডেস্ক,১১ এপ্ৰিল :সাংসদ পদ খাৰিজ হোৱাৰ পাচত প্ৰথমবাৰৰ বাবে পূৰ্বৰ লোকসভা সমষ্টি কেৰালাৰ ৱায়ানাড় ভ্ৰমণ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi to visit Wayanad)। মঙলবাৰে কেৰালাত তেওঁৰ পূৰ্বৰ লোকসভা সমষ্টিটো পৰিদৰ্শন কৰিব । ইফালে কংগ্ৰেছ নেতাসকলে ৰাহুল গান্ধীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক প্ৰস্তুতি চলাইছে । একেদিনাই তেওঁ ৱায়ানাড় জিলাৰ সদৰ কালপেট্টা চহৰত এক বিশাল জনসভা সম্বোধন কৰিব ।
চলিত বৰ্ষৰ ২৩ মাৰ্চত লোকসভাৰ সাংসদ হিচাপে অযোগ্য ঘোষণা হোৱাৰ পাচৰে পৰা ৰাহুল গান্ধীয়ে কেন্দ্ৰত শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টী (বিজেপি)ৰ ওপৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰি আহিছে (Rahul Gandhi disqualification)। কংগ্ৰেছ নেতাগৰাকীয়ে উদ্যোগপতি গৌতম আদানিৰ বিৰুদ্ধেও বিভিন্ন অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী মোডীৰ সৈতে তেওঁৰ কথিত সম্পৰ্কক লৈ প্ৰশ্ন কৰি আহিছে (Modi Adani relation)। তেনেস্থলত ৰাহুল গান্ধীৰ ৱায়ানাড় ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে ।
ইফালে মোডী উপাধি মানহানিৰ গোচৰত চূড়াট আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰাৰ পাচতে তেওঁৰ সাংসদ পদ খাৰিজ হয় । লগে লগে এই বিষয়টোক লৈ ৰাজনৈতিক মহল উত্তাল হৈ পৰে । ইফালে ৰাহুল গান্ধীয়ে এতিয়া লোকসভাত ৱায়ানাড় সমষ্টিক প্ৰতিনিধিত্ব কৰিব নোৱাৰে । ৱায়ানাড় কেৰালাৰ ২০ টা লোকসভা সমষ্টিৰ ভিতৰত অন্যতম (Kerala Wayanad Lok Sabha constituency)।