নিউজ ডেস্ক, 27 জুন: অশান্ত মণিপুৰ ৷ যোৱা 3 মে’ৰ পৰা আজি পৰ্যন্ত শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি ৷ অহা 29 আৰু 30 জুন তাৰিখে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মণিপুৰ ৰাজ্যখন ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে ৷ গান্ধীয়ে তেওঁৰ ভ্ৰমণকালত সাহাৰ্য শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰাৰ লগতে ৰাজ্যখনৰ সাধাৰণ জনতাৰ লগত বাৰ্তালাপ কৰিব বুলি জানিবলৈ দিয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে ৷ উল্লেখ্য যে, মণিপুৰত উদ্ভৱ হোৱা সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ পিচত ৰাজ্যখনলৈ কংগ্ৰেছ নেতাজনৰ এইটো প্ৰথম ভ্ৰমণ ৷
বেণুগোপালে লগতে কয়, "এয়া এক মানৱসৃষ্ট ঘৃণাৰ ফলত হোৱা পৰিণাম ৷ ৰাজ্যখনলৈ পুনৰ প্ৰেমৰ শক্তি ঘূৰাই অনাটো আমাৰ দায়িত্ব ৷" কংগ্ৰেছে ৰাজ্যখনৰ বৰ্তমানৰ পৰিস্থিতিৰ বাবে বিজেপি আৰু ইয়াৰ "বিভাজনমূলক ৰাজনীতি"ক দোষাৰোপ কৰে ৷ বিজেপিৰ এনে বিভাজনমূলক নীতিৰ বাবে 100 ৰো অধিক লোকে মৃত্যু মুখত পৰিবলগীয়া হৈছে ৷ 24 জুনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই বিষয়ত এক সৰ্বদলীয় বৈঠক আহ্বান কৰি কেইবাটাও বিৰোধী দলক সৰ্বদলীয় প্ৰতিনিধি হিচাপে উত্তৰ-পূবৰ ৰাজ্যখনলৈ পৰিস্থিতিৰ বুজ ল’বলৈ যাবলৈ আহ্বান জনাইছিল ৷