নেশ্যনেল ডেস্ক, 2 অক্টোবৰ:পাঞ্জাৱৰ কংগ্ৰেছবিধায়ক সুখপাল খাইৰাক গ্ৰেপ্তাৰ কৰাৰ পিছত ৰাজ্যখনত অব্যাহত আছে আম আদমী পাৰ্টি আৰু কংগ্ৰেছৰ মাজৰ সংঘাত । এই সংঘাতৰ মাজতে ৰাহুল গান্ধীয়ে অমৃতসৰ ভ্ৰমণলৈ আহিছে, য’ত তেওঁ শ্ৰী দৰবাৰ চাহাবত সেৱা ল’ব বুলি জানিব পৰা গৈছে । দুয়োটা দলৰ মাজত চলি থকা ৰাজনৈতিক উত্তেজনাৰ মাজতে ৰাহুল গান্ধীৰ অমৃতসৰ ভ্ৰমণক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।
অৱশ্যে ৰাহুল গান্ধীৰ এই ভ্ৰমণ ব্যক্তিগত বুলি জানিব পৰাৰ লগতে এই সমগ্ৰ ভ্ৰমণৰ সময়ছোৱাত কংগ্ৰেছ নেতাগৰাকীৰ সৈতে মাত্ৰ কেইজনমানহে জ্যেষ্ঠ নেতা থাকিব বুলি দলটোৱে জানিব দিছে । ৰাহুল গান্ধীয়ে এই ব্যক্তিগত ভ্ৰমণৰ সময়ত শ্ৰী হৰমন্দিৰ চাহাবত সেৱা আগবঢ়োৱাৰ ইচ্ছা প্ৰকাশ কৰিছে বুলিও দলটোৱে জনায় । স্বৰ্ণ মন্দিৰৰ লংগাৰ হ’লত দান আগবঢ়াব ৰাহুলে। কংগ্ৰেছ নেতাগৰাকীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি পাঞ্জাৱ আৰক্ষীয়ে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা ।