নেশ্য়নেল ডেস্ক, ১৮ আগষ্ট:কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আগন্তুক লোকসভা নিৰ্বাচনত আমেথি লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব । এই বিষয়ে সদৰী কৰিছে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী অজয় ৰায়ে । শুকুৰবাৰে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী অজয় ৰায়ে এই বিষয়ে উল্লেখ কৰি কয় যে নিশ্চিতভাৱে ৰাহুল গান্ধীয়ে আমেথি লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব । তেওঁ কয়," প্ৰিয়ংকা গান্ধী ভাদ্ৰাই যদি আগ্ৰহ প্ৰকাশ কৰে তেন্তে তেওঁ বাৰাণসীৰ পৰা প্ৰতিদ্বন্দিতা কৰিব পাৰে । আমাৰ দলৰ প্ৰতিজন কৰ্মীয়ে ইয়াৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব ।"
উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী অজয় ৰায়ে,"স্মৃতি ইৰাণী নিজেই আতংকিত হৈ পৰিছে । তেওঁ আমেথিৰ লোকসকলক ১৩ টকাত চেনী প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু তেওঁলোকক বিজেপিক ভোট দিবলৈ কৈছিল ।" তেওঁ সেইটো কৰিবলৈ সক্ষম হৈছে নেকি প্ৰশ্ন কৰে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী অজয় ৰায়ে ।
নতুন দিল্লীত জন্মগ্ৰহণ কৰা ৰাহুল গান্ধীয়ে ২০১৯ ৰ লোকসভা নিৰ্বাচনত আমেথি সমষ্টিৰ পৰা বিজেপি নেতা তথা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ হাতত পৰাজিত হৈছিল । অৱশ্যে,তেওঁ কেৰালাৰ ৱায়ানাড লোকসভা সমষ্টিৰ পৰাও প্ৰতিদ্বন্দিতা কৰিছিল । দক্ষিণৰ ৰাজ্যখনৰ আসনখনত বিজয়ী হৈছিল ৰাহুল গান্ধী ।