নিউজ ডেস্ক, ২৫ ছেপ্টেম্বৰ:কংগ্ৰেছ নেতা ৰাহুল গান্ধী সোমবাৰে ছত্তীশগড়ৰ বিলাসপুৰত উপস্থিত হয় । ৰাজ্যখনত পুনৰবাৰ আদানীক লৈ মোদী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছ নেতাগৰাকীয়ে । ৰাহুল গান্ধীয়ে মোদী চৰকাৰীক কটাক্ষ কৰি কয়, "নৰেন্দ্ৰ মোদীজীয়ে ৰিম'ট কন্ট্ৰ'লৰ বুটাম টিপিলে আদানীয়ে মুম্বাই বিমানবন্দৰ, ৰে'লৱেৰ ঠিকা পায় । আমি বুটামটো টিপিলে কৃষকে তেওঁৰ একাউণ্টত টকা পায়, ইংৰাজী স্কুল খোল খায় । বিজেপিয়ে বুটাম টিপিলে ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ হয় । আপোনাৰ পানী, জংগল আৰু মাটি আদানীৰ চমজাই দিয়া হয় ।"
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিলাসপুৰত গ্ৰাম্য গৃহ নিৰ্মাণ ন্যায় আঁচনিৰ শুভাৰম্ভ কৰে ৷ গ্ৰাম্য গৃহ নিৰ্মাণ ন্যায় আঁচনিৰ অধীনত ৰাজ্যখনৰ প্ৰায় ৫০ হাজাৰ দৰিদ্ৰ জনসাধাৰণক গৃহ নিৰ্মাণৰ বাবে তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ধন ৰাশি প্ৰদান কৰা হৈছিল ৷ তেওঁ এই আঁচনি শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ ৭ লাখ লোকক দিবলগীয়া আবাসগৃহৰ বাবে ধনৰাশি আৱন্টন দিয়া নাই বুলি সমালোচনা কৰে ৷
তেওঁ লগতে কয়, ছত্তীশগড় চৰকাৰে বহুবাৰ কেন্দ্ৰক অনুৰোধ কৰিছিল । কিন্তু কেন্দ্ৰীয় চৰকাৰে নিজৰ দায়িত্ব পালন নকৰিলে । কিন্তু ছত্তীশগড় চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পালন কৰিলে ৷ আজি প্ৰায় ১২০০ কোটি টকা ৰাইজৰ একাউণ্টত সোমাইছে । অহা ৫ বছৰৰ ভিতৰত ছত্তীশগড় চৰকাৰে আপোনাৰ একাউণ্টত ৯৫০০ কোটি টকা দিব । তেওঁ আৰু কয়, নিৰ্বাচনৰ আগত আমি আপোনালোকক কৃষকৰ বাবে ঋণ ৰেহাই, বিদ্যুতৰ বিল আধা আৰু প্ৰতি কুইণ্টল ধানৰ বাবত ২৫০০ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিলোঁ । প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে কংগ্ৰেছে প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰে, কিন্তু সত্য আপোনালোকৰ সন্মুখত আছে ।"