নিউজ ডেস্ক, ২৩ ছেপ্টেম্বৰ : নিৰ্বাচনমুখী ৰাজস্থানত শনিবাৰে উপস্থিত হয় কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী । ৰাহুল গান্ধীয়ে শনিবাৰে জয়পুৰত কংগ্ৰেছ ভৱনৰ আধাৰশিলা স্থাপন কৰে । তাৰ পিছত দিয়া ভাষণত কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কৰে কংগ্ৰেছ নেতাজনে । "আমি আদানিৰ নাম উল্লেখ কৰাৰ লগে লগে বিজেপিৰ খং উঠে । তথাপিও আমি প্ৰশ্ন কৰা বন্ধ কৰিব নোৱাৰোঁ । আমি তেওঁলোকতকৈ দেশখনৰ বিষয়ে বেছি চিন্তা কৰোঁ ।" ৱায়নাডৰ সাংসদগৰাকীয়ে কয় । ৰাহুল গান্ধীয়ে লগতে কয় যে আজিৰ সভাত হাজাৰ হাজাৰ সিংহ শান্তিপূৰ্ণভাৱে একেলগে বহি আছে । আমি ঘৃণাৰ দোকান নহয়, প্ৰেমৰ দোকান চলাওঁ ।
তেওঁ কয়, "পূৰ্বতে তেওঁলোকে সংসদত মাইক বন্ধ কৰিছিল, কিন্তু এতিয়া তেওঁলোকে টিভিয়েই বন্ধ কৰি দিয়ে । যেনেদৰে গাড়ীৰ এক্সেলেৰেটৰ বৃদ্ধি কৰা হয়, ঠিক একে মোৰ ক্ষেত্ৰতো ঘটিছে । আনকি মোৰ লোকসভাৰ সদস্যপদো বাতিল কৰা হৈছিল । কাৰণ তেওঁলোকে মোক ভয় কৰে ।" ৰাহুলে লগতে কয়, যদি কোনো বিজেপি কৰ্মী আপোনাৰ সন্মুখলৈ আহে, তেন্তে কেৱল আদানিৰ নাম লওক । তেওঁ তৎক্ষণাৎ পলাই যাব । আৰু যদি আপুনি মোদী আৰু আদানিৰ মাজৰ সম্পৰ্কৰ বিষয়ে প্ৰশ্ন কৰে, তেন্তে তেওঁৰ বাবে আপোনাৰ সন্মুখত থিয় হোৱাটোৱে কঠিন হ'ব ।