নিউজ ডেস্ক, ৮ মে' :অহা ১০ মে'ত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন (Karnataka Assembly Polls 2023) । তাৰ পূৰ্বে সোমবাৰে বিয়লি অন্ত পৰে ৰাজ্যখনৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য (election campaign ended in Karnataka) । প্ৰচাৰৰ অন্তিম দিনটোত কংগ্ৰেছ-বিজেপিকে ধৰি ৰাজ্যখনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰতিটো ৰাজনৈতিক দল তথা প্ৰাৰ্থীয়ে নিজৰ নিজৰ হৈ প্ৰচাৰৰ অন্তিম সুযোগ গ্ৰহণ কৰে । ব্যতিক্ৰম নাছিল কংগ্ৰেছো ।
কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে বেংগালুৰুৰ কানিংহাম ৰোডৰ 'কেফে কফি ডে' আউটলেটত একাপ কফিৰ আমেজ লয় । আনহাতে, বেংগালুৰু মেট্ৰ'পলিটান ট্ৰান্সপোৰ্ট কৰ্প'ৰেচনৰ (Bengaluru Metropolitan Transport Corporation, BMTC) ওচৰৰ এটা বাছ আস্থানত তেওঁ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু কৰ্মৰত মহিলাসকলৰ এটা দলৰ সৈতে বাৰ্তালাপো কৰে (Rahul Gandhi bus ride in Bengaluru) ।
তাৰ পিছত তেওঁ বিএমটিচিৰ এখন বাছত উঠি যাত্ৰা কৰে । নিজৰ বাছ যাত্ৰাৰ সময়ত কৰ্ণাটকৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগী বুজিবলৈ মহিলা যাত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰা বুলি দলীয় সূত্ৰত প্ৰকাশ (Congress leader Rahul Gandhi) ।