নেশ্যনেল ডেস্ক,১৮ এপ্ৰিল:দেশত কৰ'ণাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও পশ্চিমবংগত অব্যাহত আছে নিৰ্বাচনী যুঁজ । ইতিমধ্যে ৫ টা পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হৈছে আৰু ৩ পৰ্যায়ৰ ভোটগ্ৰহণ এতিয়াও বাকী । প্ৰতিটো ৰাজনৈতিক দলে ঠায়ে ঠায়ে নিৰ্বাচনী সভা আয়োজন কৰা দেখা গৈছে ।
কিন্তু ক'ভিডৰ পুনৰুত্থানৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এক আদৰণীয় পদক্ষেপ । ৰাইজৰ সুৰক্ষাৰ কথা চিন্তা কৰি নেতাগৰাকীয়ে বাতিল কৰিলে তেওঁৰ নিৰ্বাচনী সভা । আগন্তুক দিনত তেওঁৰ সকলো ৰাজনৈতিক সভা বাতিল কৰাৰ লগতে বাকী দলবোৰকো মহামাৰীৰ সময়ত ডাঙৰ সভা আয়োজন কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ।