অসম

assam

ETV Bharat / bharat

Rahul Gandhi slams PM: প্ৰধানমন্ত্ৰীয়ে মণিপুৰ জ্বলাই শেষ কৰিব বিচাৰিছে; ৰাহুল গান্ধী - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সংবাদমেল ৷ মণিপুৰৰ প্ৰসংগক লৈ প্ৰধানমন্ত্ৰীৰ মৌনতাক লৈ প্ৰশ্ন ৰাহুল গান্ধীৰ ৷ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কেতবোৰ গুৰুত্বপূৰ্ণ অভিযোগ ৷

Rahul Gandhi slams PM
Rahul Gandhi slams PM

By

Published : Aug 11, 2023, 7:17 PM IST

নেশ্যনেল ডেস্ক, 11 আগষ্ট:সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ৷ ‘‘মণিপুৰত লোকসকলক হত্যা কৰা হৈছে, ধৰ্ষণ হৈ আছে ৷ একে সময়তে, প্ৰধানমন্ত্ৰীয়ে সংসদত হাঁহিৰে উত্তৰ দিছে, এয়া দেশখনৰ প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰত শোভা নিদিয়ে ৷’’ ৰাহুল গান্ধীয়ে সংবাদমেলত কয় ৷ উল্লেখ্য যে সদনত বৃহস্পতিবাৰে অনাস্থা প্ৰস্তাৱৰ উত্তৰ দি বিৰোধীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

ৰাহুল গান্ধীয়ে কয় যে বৃহস্পিতবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে সংসদত প্ৰায় 2 ঘণ্টা 13 মিনিট ধৰি ভাষণ দিছিল ৷ মণিপুৰ কেইবা মাহ ধৰি জ্বলি আছে, মানুহক হত্যা কৰা হৈছে, ধৰ্ষণ সংঘটিত হৈছে ৷ কিন্তু প্ৰধানমন্ত্ৰীয়ে হাঁহি আছিল, কৌতুক কৈ আছিল ৷ মণিপুৰত কি হৈ আছে ? ইয়াক কিয় বন্ধ কৰা হোৱা নাই ?

এক গুৰুতৰ অভিযোগ উত্থাপন কৰি ৰাহুল গান্ধীয়ে কয় যে ভাৰতীয় সেনাই দুদিনৰ ভিতৰতে এই নাটক বন্ধ কৰিব পাৰে, কিন্তু প্ৰধানমন্ত্ৰীয়ে মণিপুৰ জ্বলাই শেষ কৰিব বিচাৰিছে ৷ তেওঁ এই জুই নুমুৱাব নিবিচাৰে ৷

‘‘১৯ বছৰৰ অভিজ্ঞতাত মই মণিপুৰত এনে পৰিস্থিতি দেখা নাই বা শুনা নাই ৷ মই সংসদত কৈছিলো, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে ভাৰত মাতৃক হত্যা কৰিছে, মণিপুৰত ভাৰতক ধ্বংস কৰিছে ৷ এইবোৰ কেৱল শব্দ নহয়... মণিপুৰত যেতিয়া আমি মেইটিই অধ্যুষিত অঞ্চল পৰিদৰ্শন কৰিছিলো, আমাক স্পষ্টকৈ কোৱা হৈছিল যে যদি আমাৰ নিৰাপত্তা দলত কুকি থাকে, তেওঁলোকক ইয়ালৈ অনা উচিত নহয় কিয়নো তেওঁলোকে কোনো লোকক হত্যা কৰিব ৷ যেতিয়া আমি কুকি অঞ্চললৈ গৈছিলো, আমাক কোৱা হৈছিল যে যদি আমি কোনো মেইটিই ব্যক্তিক লগত আনিছিলো, তেওঁলোকে কোনো লোকৰ ওপৰত গুলী চালনা কৰিব পাৰে... গতিকে, মণিপুৰত এখন ৰাজ্য নহয়, এতিয়া তাত দুখন ৰাজ্য আছে ৷’’ ৰাহুল গান্ধীয়ে কয় ৷

‘‘প্ৰধানমন্ত্ৰীয়ে অন্ততঃ মণিপুৰলৈ যাব পাৰিলেহেঁতেন, দুয়োটা সম্প্ৰদায়ৰ সৈতে কথা পাতিব পাৰিলেহেঁতেন আৰু ক’ব পাৰিলেহেঁতেন যে মই আপোনাৰ প্ৰধানমন্ত্ৰী, আহক আলোচনা কৰো ৷ কিন্তু মই প্ৰধানমন্ত্ৰীৰ এনে কোনো অভিপ্ৰায় দেখা নাপাওঁ... প্ৰশ্নটো এইটো নহয় যে প্ৰধানমন্ত্ৰী মোদী 2024 চনত প্ৰধানমন্ত্ৰী হ'ব নে নহয়, প্ৰশ্নটো মণিপুৰৰ, য'ত শিশুকে ধৰি বহুলোকক হত্যা কৰা হৈছে ৷’’ প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে কয় ৷

উল্লেখ্য যে মোদী চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱ লোকসভাত ধ্বনি ভোটৰ দ্বাৰা খাৰিজ কৰা হৈছিল ৷ অৱশ্যে, প্ৰধানমন্ত্ৰী মোদীয়ে কেৱল মাত্ৰ দুই মিনিটমান সময়হে মণিপুৰৰ প্ৰসংগত বক্তব্য ৰাখিছিল ৷ অৱশ্যে সেই সময়তে বিৰোধীয়ে সদন ত্যাগ কৰে ৷

লগতে পঢ়ক:MP Adhir Ranjan Chowdhury suspension : অধীৰ ৰঞ্জন চৌধুৰীৰ নিলম্বনক লৈ বৈঠকৰ আহ্বান ছোনিয়া গান্ধীৰ

ABOUT THE AUTHOR

...view details