গুৱাহাটী, ১৭ অক্টোবৰ: দুচকীয়া বাণিজ্যিক বাহনত 'পিলিয়ন’ হৈ মিজোৰামত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰাহুল গান্ধী ৷ দুচকীয়া এখন টেক্সি স্কুটীত পাচৰ ছীটত দেখা গ’ল কংগ্ৰেছৰ অন্যতম শীৰ্ষ নেতাগৰাকীক । মঙলবাৰৰ পুৱাবেলাৰ আইজলৰ ৰাজপথত এইদৰে দেখা গ’ল ৰাহুল গান্ধীক ৷
এখন বাণিজ্যিক দুচকীয়া বাহনত 'পিলিয়ন’ হৈ ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লাল থানহাউলাৰ বাসগৃহলৈ আজি পুৱাবেলা ৰাওনা হৈছিল কংগ্ৰেছ নেতাজন ৷ উল্লেখ্য যে, সোমবাৰে কংগ্ৰেছে মিজোৰাম বিধানসভাৰ ৪০ খন মুঠ আসনৰ ৩৮ খনৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল । এই তালিকাত নাম নাছিল বছৰ ৮১ বয়সীয়া লাল থানহাউলাৰ ৷ ২০০৮ৰ পৰা ২০১৮ চনলৈ মিজোৰামৰ মুখ্যমন্ত্ৰী আছিল লাল থানহাউলা ৷
অহা ৭ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মিজোৰাম বিধানসভা নিৰ্বাচনৰ বাবে দলটোৰ প্ৰাৰ্থীৰ প্ৰচাৰ চলাবলৈ দুদিনীয়া কাৰ্যসূচী লৈ ৰাজ্যখনত ব্যস্ত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী ৷ পুৱা দুই কিল’মিটাৰ জোৰা বিশাল পদযাত্ৰা কৰাৰ পিচত এখন গণসমাৱেশত ভাগ লৈ বিজেপিৰ বিৰুদ্ধে ক্ষুৰধাৰ হৈ পৰে ৰাহুল গান্ধী ৷ বিগত ৫ বছৰত মাত্ৰ ২০০০ চৰকাৰী চাকৰি দিয়া মিজোৰামত নিৱনুৱা সমস্যা, ড্ৰাগছে ধ্বংসৰ মুখলৈ ঠেলি দিয়া এটা প্ৰজন্মৰ ভৱিষ্যত তথা মিজোৰামৰ জলন্ত সমস্যা আদি প্ৰসংগতো সৰৱ হৈ মন্তব্য আগবঢ়ায় ৰাহুল গান্ধীয়ে ।
নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি সোমবাৰে সন্ধিয়া মিজোৰামৰ এদল শিক্ষাৰ্থীৰ সৈতে মত বিনিময়ো কৰে ৰাহুল গান্ধীয়ে । আজি অৰ্থাৎ ১৭ অক্টোবৰত কংগ্ৰেছ নেতাগৰাকীয়ে দলৰ নেতাসকলক সাক্ষাৎ কৰি আইজলত এখন সংবাদমেলো সম্বোধন কৰে। সংবাদমেলৰ পিচতেই তেওঁ ৰাজ্যৰ দক্ষিণ প্ৰান্তৰ লুংলেই চহৰতো এক ৰেলীত ভাগ লৈ এখন ৰাজহুৱা সভাত নিজৰ দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনৰ প্ৰচাৰ চলাব বুলি দলীয় সূত্ৰই জানিবলৈ দিয়ে ।
লগতে পঢ়ক:Mizoram Assembly Elections 2023: মণিপুৰক দুটা ভাগত বিভক্ত কৰিলে বিজেপিয়ে: ৰাহুল গান্ধী