অসম

assam

ETV Bharat / bharat

Rahul Gandhi at Karol Bagh Garage : কৰোল বাগৰ গেৰেজত বাইক মেৰামতিৰ প্ৰশিক্ষণ ৰাহুল গান্ধীৰ - congress leader rahul gandhi

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মঙলবাৰে নিশা কৰোল বাগ বজাৰত উপস্থিত হৈ এগৰাকী মেকানিকক লগ কৰে । তেওঁ ইয়াৰ ফটো ইনষ্টাগ্ৰামত পোষ্ট কৰিছে । আনহাতে, সেই সময়ত মানুহৰ যথেষ্ট সমাগম হয় আৰু তেওঁৰ সৈতে ফটো উঠিবলৈ হেতা-ওপৰা লাগে ।

Rahul Gandhi at Karol Bagh Garage
Rahul Gandhi at Karol Bagh Garage

By

Published : Jun 28, 2023, 10:43 AM IST

নিউজ ডেস্ক, ২৮ জুন : কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে মঙলবাৰে হঠাতে দিল্লীৰ কৰোল বাগ বজাৰত উপস্থিত হয় । বজাৰখনত উপস্থিত হোৱাৰ লগে লগে ৰাহুল গান্ধীক উপস্থিত ৰাইজে আগুৰি ধৰে আৰু তেওঁৰ সৈতে ফটো উঠাৰ একপ্ৰকাৰ প্ৰতিযোগিতা হয় । আনহাতে, ৰাহুল গান্ধীয়ে এটা গেৰেজলৈ গৈ তাত কাম কৰা মেকানিকৰ সৈতে কথা পাতে ।

লগতে তেওঁ তাত বাইক মেৰামতিৰ কাম কৰাও দেখা গৈছে । ৰাহুল গান্ধীয়ে নিজেই এই ফটো তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে । মেকানিক হিচাপে কাম কৰি থকা তেওঁৰ বহুতো ফটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে । তেওঁ ফটোখনৰ শিৰোনামত লিখিছে- এই হাতেৰে শিকক যিয়ে ৰেঞ্চপাত ঘূৰোৱাৰ লগতে ভাৰতৰ চকাবোৰ গতিশীল কৰি ৰাখে ।

তথ্য অনুসৰি, ৰাহুল গান্ধী মঙলবাৰে নিশা প্ৰায় ৯.৩০ বজাত কৰোল বাগ বজাৰত উপস্থিত হয় । তাত তেওঁক মেকানিকৰ সৈতে কথা পাতি থকা দেখা যায় । ইতিমধ্যে ভাইৰেল হোৱা কেইবাখনো ফটোত দুচকীয়া বাহনৰ কিছু অংশত ৰাহুল গান্ধীয়ে হাত দি থকা দেখা গৈছে । আন এখন ফটোত ৰাহুল গান্ধীকো এখন বাইকত স্ক্ৰুড্ৰাইভাৰেৰে পকাই থকা দেখা গৈছে । এখন ফটোত আকৌ তেওঁ গেৰেজৰ কৰ্মচাৰীৰ যন্ত্ৰৰ বিষয়ে তথ্য লৈ থকা দেখা গৈছে । এনেধৰণৰ বহুতো ফটো তেওঁৰ সামাজিক মাধ্যমত ভাইৰেল হৈ আছে । উল্লেখ্য যে কিছুদিন পূৰ্বে ৰাহুল গান্ধীয়ে দিল্লীৰ বাংলা বজাৰ আৰু চান্দনী চকৰ বজাৰত গোলগাপ্পা, চাট আৰু চৰ্বতৰ সোৱাদ লোৱা দেখা গৈছিল ।

ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে ট্ৰাকেৰে দিল্লীৰ পৰা চণ্ডীগড়লৈ যাত্ৰা সম্পূৰ্ণ কৰিছিল । উক্ত ভিডিঅ'ও প্ৰকাশ্যে আহিছিল । এই সময়ছোৱাত ৰাহুল গান্ধীয়ে ট্ৰাকচালকসকলৰ সৈতে বহু বিষয়ত কথা পাতে আৰু তেওঁলোকৰ সমস্যাবোৰৰ বিষয়ে অৱগত হয় । আনহাতে, কৰ্ণাটক নিৰ্বাচনৰ সময়ত ৰাহুলে বাংগালুৰুত এটা ডেলিভাৰী বয়ৰ সৈতে স্কুটাৰ চলাইছিল । এই ভিডিঅ'টোও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে । আমেৰিকা ভ্ৰমণৰ সময়তো তেওঁ ট্ৰাকেৰে ভ্ৰমণ কৰে আৰু ভাৰতীয়মূলৰ চালকসকলক লগ কৰে ।

লগতে পঢ়ক :Truck Rams Into Wedding Procession : ওড়িশাত দ্ৰুতবেগী ট্ৰাকে মহটিয়ালে বৰযাত্ৰীক ! নিহত ৬, আহত ৬

ABOUT THE AUTHOR

...view details